চিৰাঙত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ স্ব-নিৰ্ভৰ নাৰী কেন্দ্ৰ পৰিদৰ্শন...

চিৰাঙত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ স্ব-নিৰ্ভৰ নাৰী কেন্দ্ৰ পৰিদৰ্শন...

author-image
Asomiya Pratidin
New Update
চিৰাঙত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ স্ব-নিৰ্ভৰ নাৰী কেন্দ্ৰ পৰিদৰ্শন...

চিৰাঙত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ স্ব-নিৰ্ভৰ নাৰী কেন্দ্ৰ পৰিদৰ্শন...

ডিজিটেল সংবাদ চিৰাং: 'অসম চৰকাৰৰ হস্তাতাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ে অসমৰ বিভিন্ন থলুৱা জাতি-জনগোষ্ঠীৰ শিপিনীসকলৰ দ্বাৰা উৎপাদিত গামোচা আৰু অন্যান্য বস্ত্ৰসমূহক লাভজনক বজাৰ দিয়াৰ লক্ষ্যৰে স্ব-নিৰ্ভৰ নাৰী আঁচনিৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে ৷ বিগত বছৰৰ এপ্ৰিল মাহত ৰাজ্য চৰকাৰে ইয়াৰ বাবে শিপিনীসকলৰ সুবিধাৰৰ্থে এক প'ৰ্টেল মুকলি কৰাৰ পাছত বিগত ১৩ জানুৱাৰীৰ পৰা অসমৰ ১০০ টা স্ব-নিৰ্ভৰ নাৰী কেন্দ্ৰত শিপিনীসকলৰ হাতেৰে প্ৰস্তুত কৰা বিভিন্ন বস্ত্ৰ ক্ৰয় কৰা হৈছে ৷'

Advertisment

আজি ৰাজ্যৰ হস্তাতাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কাজলগাঁওস্থিত হস্তাতাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ত স্থাপন কৰা স্ব-নিৰ্ভৰ নাৰী কেন্দ্ৰ পৰিদৰ্শন কৰি কাৰ্যালয়টোৰ সহকাৰী সঞ্চালক দ্বিজেন্দ্ৰ কছাৰীৰ পৰা বস্ত্ৰ ক্ৰয়ৰ বুজ লয়। ইয়াৰোপৰি তেওঁ কেন্দ্ৰটোত আজি বিভিন্ন এলেকাৰ পৰা অহা শিপিনীসকলৰ স'তে মত বিনিময় কৰে মন্ত্ৰী ইউ,জি, ব্ৰহ্মই ৷

কেন্দ্ৰ পৰিদৰ্শনৰ অন্তত মন্ত্ৰী ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, কাজলগাঁও স্ব-নিৰ্ভৰ নাৰী কেন্দ্ৰত প্ৰায় ১৯০০ বিভিন্ন ধৰণৰ বস্ত্ৰ ক্ৰয় কৰা হৈছে ৷ অন্যান্য জিলাৰ তুলনাত চিৰাঙৰ কাজলগাঁও কেন্দ্ৰৰ ক্ৰয় আশানুৰূপ হৈছে বুলি উল্লেখ কৰে ।

তাৰে মাজত কেন্দ্ৰটোত শিপিনীসকলে আটাইতকৈ বেছি বিক্ৰী কৰিবলৈ আৰ'ণাই আৰু সবাতোকৈ কম আনিছে কোঁচৰাজবংশী গামোছা । বঙাইগাঁও আৰু চিৰাং জিলাৰ পৰা কোঁচৰাজবংশী গামোচাৰ উৎপাদন বহু বেচি আশা কৰা হৈছিল কিন্তু কি কাৰণত কোঁচৰাজবংশী গামোচা ইমান কমকৈ আহিলে তাৰ প্ৰকৃত কাৰণ মন্ত্ৰীগৰাকীয়ে জানিব পৰা হোৱা নাই বুলি মন্তব্য কৰি এই দিশত দৃষ্টি ৰখা হ'ব বুলি সদৰি কৰে ।

মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, অসমত মুঠ ৪ লাখ ৮০ হাজাৰ শিপিনীয়ে নিজৰ নাম প'ৰ্টেলত সন্নিবিষ্ট কৰিছে ৷ আগন্তুক ২৭ ফেব্ৰুৱাৰীলৈ এই স্ব-নিৰ্ভৰ নাৰী কেন্দ্ৰ খোলা থাকিব আৰু পৰৱৰ্তী দিনত এই আঁচনি পুনৰ মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

Also Read: স্বাস্থ্যৰ দ্ৰুত অৱনতি মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰৰঃ ডেকা সত্ৰাধিকাৰক সাময়িক দায়িত্ব অৰ্পন...

চিৰাঙ