Advertisment

স্বাস্থ্যৰ দ্ৰুত অৱনতি মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰৰঃ ডেকা সত্ৰাধিকাৰক সাময়িক দায়িত্ব অৰ্পন...

স্বাস্থ্যৰ দ্ৰুত অৱনতি মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰৰঃ ডেকা সত্ৰাধিকাৰক সাময়িক দায়িত্ব অৰ্পন...

author-image
Asomiya Pratidin
New Update
স্বাস্থ্যৰ দ্ৰুত অৱনতি মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰৰঃ ডেকা সত্ৰাধিকাৰক সাময়িক দায়িত্ব অৰ্পন...

স্বাস্থ্যৰ দ্ৰুত অৱনতি মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰৰঃ ডেকা সত্ৰাধিকাৰক সাময়িক দায়িত্ব অৰ্পন...

ডিজিটেল সংবাদ গুৱাহাটীঃ ২৫ ফেব্ৰুৱাৰী, শনিবাৰে মধুপুৰ সত্ৰৰ অতিথিশালাত অনুষ্ঠিত হোৱা মধুপুৰ সত্ৰৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন জৰুৰী সভা সম্পন্ন হৈ যায়। এই সভাত সত্ৰৰ বৰ্তমানৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত সত্ৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত এক গুৰুত্বপূৰ্ণ আৰু বিশদ পৰ্যালোচনা কৰা হয়।

Advertisment

সত্ৰৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, সত্ৰৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাই বুঢ়া সত্ৰাধিকাৰগৰাকীৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰৰ ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ভকতক সাময়িকভাৱে সত্ৰখনৰ সামগ্ৰিক পৰিচালনা কৰাৰ বাবে দায়িত্ব দি এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

সভাত উপস্থিত থকা বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ গৌতম পাঠকে সত্ৰৰ মূল কীৰ্ত্তন ঘৰত শুভেচ্ছা জনাই পীতাম্বৰ ভকতক সাময়িক দায়িত্ব অৰ্পন কৰে। সভাত সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে সত্ৰ সমিতিৰ দ্বাৰা নিষিদ্ধ ঘোষিত এগৰাকী বনিয়া মানিক সেঠীয়াক জিলা প্ৰশাসনে সত্ৰখনৰ বিভিন্ন কামত নিয়োজিত কৰা কাৰ্য্যক গৰিহণা দি এই সন্দৰ্ভত প্ৰশাসনক চকু ৰাখিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, বনিয়াগৰাকীয়ে আজি কিছুদিনৰ আগতে ডেকা সত্ৰাধিকাৰগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল। এই পৰ্যালোচনা সভাত ধুবুৰী জিলাৰ উপায়ুক্তৰ প্ৰতিনিধি হিচাপে অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া, বৰপেটা সত্ৰ সমিতিৰ সম্পাদক প্ৰভাত দাস, অসম সত্ৰ মহাসভাৰ উপ-সভাপতি উদ্ধৱ দাসকে ধৰি হৰিপুৰ, জিনকাটা, সত্ৰশাল সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকে।

Also Read: ৰৌতাৰ এনকাউণ্টাৰত প্ৰকৃত মৃত্যু হৈছিল কাৰ? দুধৰ্ষ ডকাইত নে নিৰ্দোষী কৃষকৰ...

মধুপুৰ সত্ৰ