কোকৰাঝাৰত দোকানে-দোকানে মন্ত্ৰী ৰঞ্জিত দাস

কোকৰাঝাৰত দোকানে-দোকানে মন্ত্ৰী ৰঞ্জিত দাস

ডিজিটেল সংবাদ,কোকৰাঝাৰ : ৰাজ্যত অনুষ্ঠিত হ'ব লগা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন ৷ প্ৰচাৰৰ অন্তিম দিনা দেওবাৰে কোকৰাঝাৰ চহৰৰ মুখ্য বজাৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ১নং কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

মন্ত্ৰী ৰঞ্জিত দাসে বজাৰৰ দোকানে দোকানে সোমাই এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহ্বান জনায় ৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মন্ত্ৰীগৰাকীয়ে পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী, ফল-মূল, খৰি, থলুৱা দখনা - গামোচা বিক্ৰেতাসকলৰ সতে মত বিনিময় কৰি এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে বিপিএফ দলক সমালোচনা কৰি মন্ত্ৰী দাসে বিৰোধীয়ে সদায় লম্ফ-জম্ফ কৰে যদিও তেওঁলোকৰ কথা বিশ্বাস নকৰোঁ বুলি মন্তব্য কৰে ৷ লগতে কোকৰাঝাৰত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰয়েই জয় হ'ব বুলিও দাবী কৰে মন্ত্ৰী দাসে ৷

কোকৰাঝাৰত দোকানে-দোকানে মন্ত্ৰী ৰঞ্জিত দাস
নগাঁৱৰ ডিমৰুগুৰিত অঘটন : ৰে'লৰ পৰা পৰি এজনৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in