/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/fe0a0c7f-e880-4ec8-b978-669d1e2827b4/pijush_hazarika_29.jpg)
আৰু ১০/১৫ বছৰলৈ আমাৰ বাহিৰে কোনো দলেই জিকিব নোৱাৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা
ডিজিটেল ডেস্কঃ ''যোৱা সাৰে সাতটা বছৰত অসমত যিমান নিৰ্বাচন হৈছে প্ৰত্যেকটো নিৰ্বাচনতে বিজেপি আৰু মিত্ৰজোঁট জিকি আছে। বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন আৰু যদি ক’ৰবাত উপ-নিৰ্বাচন হৈছে, কাউঞ্চিলৰ ইলেকচন, পঞ্চায়ত ইলেকচন হৈছে, প্ৰত্যেকটো ইলেকচনতে আমি জিকিছো। আৰু অনাগত সময়ত অন্ততঃ ১০-১৫ বছৰ আৰু বেলেগ কোনো পাৰ্টীয়ে জিকিব নোৱাৰে। আমিয়েই জিকিম, আমাৰ মিত্ৰজোঁট জিকিব।'' - এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।
কোকৰাঝাৰৰ পৰা তামাৰহাটত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে। তেওঁ কয় যে, আমি জিকি আছো, কাৰণ আমি ৰাইজৰ কাম কৰিছো। মিছা প্ৰতিশ্ৰুতি দিয়া নাই। যি যি প্ৰতিশ্ৰুতি দিছিলো আপোনালোকে যদি অলপ মনত পেলায়, যোৱা নিৰ্বাচনৰ কথাই যদি মনত পেলায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যে মহিলাসকলক মাক্ৰ’ফাইনেন্সৰ ঋণৰ পৰা মুক্তি দিব। আমি সেইটোও কৰিলো।
মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে ১ লাখ চাকৰি দিব, ১ লাখৰ ৮৫ হাজাৰ চাকৰি আমি দি দিলো। আমি কৈছিলো যে অৰুণোদয়ৰ টকা আমি বঢ়াম। ৮৫০ টকাৰ পৰা আৰম্ভ হোৱা অৰুণোদয়ৰ টকা ১৪০০ টকা লৈ বৃদ্ধি কৰা হৈ গ’ল। কৈছিলো যে অৰুণোদয়ৰ সংখ্যা বঢ়াম, য’ত নেকি প্ৰথমে আছিলে ১৮ লাখ এতিয়া অৰুণোদয়ৰ সংখ্যা হৈছে প্ৰায় ২৫-২৬ লাখ। গতিকে এটা প্ৰতিশ্ৰুতিও আমি পালন নকৰাকৈ থকা নাই।
মন্ত্ৰীগৰাকীয়ে ৰাস্তা-ঘাটৰ সন্দৰ্ভত ক’তো এতিয়া বেয়া ৰাস্তা নাই বুলি মন্তব্য কৰি কয় যে এতিয়া মই কোকৰাঝাৰৰ পৰা তামাৰহাটলৈ আহিছো, গাঁৱৰ ভিতৰে ভিতৰে আহিছো। ক’তো এটা বেয়া ৰাস্তা নাই। গতিকে আমি প্ৰতিশ্ৰুতি দিয়া মৰ্মে কাম কৰি আছো। ৰাইজে আমাক সহায় কৰিব। তাৰ উপৰি আমাৰ চৰকাৰে অসমীয়াৰ কাৰণে, ভাৰতীয়ৰ কাৰণে, খিলঞ্জীয়াৰ কাৰণে অতি দৃঢ় পদক্ষেপ লৈছে। আৰু তাৰ কাৰণে আমাক খিলঞ্জীয়া মানুহখিনিয়ে, অসমীয়া মানুহখিনিয়ে, ভাৰতীয় মানুহখিনিয়ে সদায় মৰম কৰিব, হৃদয়ত ৰাখিব।
ইপিনে, ভূপেন বৰাই এইবাৰ ৰাইজে বিজেপিক আঁকোৱালি নলয় বুলি কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক কটাক্ষ কৰি কয় যে ভূপেন বৰা ডাঙৰীয়াই যিমান যি কয়, কৈয়ো লাভ নাই। তেওঁ নিজে এবাৰ জিকক, বহুদিন তেওঁ বিধানসভালৈ আহিব পৰা নাই, একেৰাহে কেবাবাৰো হাৰিছে। তেখেতক মই অনুৰোধ কৰিছো- যেনেতেনে নিজে কিবা কৈ জিকি আহক।
মন্ত্ৰীগৰাকীয়ে কয় যে বৰা ডাঙৰীয়াই আমাক হৰুওৱাৰ কথা চিন্তা কৰিব নালাগে, নিজে জিকাৰ কথা চিন্তা কৰক। নিজে এম এল এ হোৱাৰ কথা চিন্তা কৰক। ভূপেন বৰাই বিজেপিক হৰুৱাব নোৱাৰে বা বিজেপি মিত্ৰশক্তিক হৰুৱাব নোৱাৰে।
Today, I conducted an inspection of the erosion along the Gangadhar River, specifically at Goma Ferry Ghat and the adjacent smashan ghat near Tamarhat Market within the Golokganj constituency. I have pledged to expedite the mitigation efforts along the eleven hundred-metre… pic.twitter.com/8sBWnpcskV
— Pijush Hazarika (@Pijush_hazarika) September 29, 2023
Also Read: আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা আৰু কৰ্মশালা সম্পন্ন...