/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5e27865e-07ad-4f78-8f20-22dada19e268/pijush_28.jpg)
সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ চন্দ্ৰপাৰা হাইস্কুল খেলপথাৰত আয়োজিত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮৩ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ ছাত্ৰ সংগঠনটিৰ বিষয়ববীয়া-সদস্যলৈ আন্তৰিক শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, সূত্ৰধৰসকল বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/822e89ea-1eb8-4c02-b067-9c856e5a6a90/faf04494_5f53_4321_9231_3553a4b969c7.jpg)
মিচ্যন বসুন্ধৰা আৰু মিচ্যন ভূমিপুত্ৰৰ দৰে আঁচনিৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰে সূত্ৰধৰসকলকে ধৰি অসমৰ খিলঞ্জীয়া লোকসকলৰ কল্যাণৰ বাবে যথেষ্ট কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে । আনহাতে বিগত প্ৰায় ডেৰ বছৰত অসম চৰকাৰে মেধাৰ ভিত্তিত সম্পূৰ্ণ নিকা পদ্ধতিৰে প্ৰায় ৮৭ হাজাৰ যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰি যোগ্যসকলৰ বাবে সাহস আৰু প্ৰেৰণা হৈ পৰা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f43ab447-f876-471a-83ab-9515aaae8b5a/8073b719_e435_40f6_9cf3_f4167ba1d9ee.jpg)
আনহাতে সূত্ৰধৰ ছাত্ৰ সন্থাৰ দাবী অনুসৰি চৰকাৰে বঙাইগাঁও জিলাত সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে মাটি আবণ্টনৰ ব্যৱস্থা কৰাৰ কথা মন্ত্ৰী হাজৰীকাই আজিৰ সভাতে ঘোষণা কৰে । লগতে এই প্ৰকল্প নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৫০ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/528af22f-661b-42d9-8b88-053359a72e54/5f35d9c7_5e90_44c9_88b6_4fd4d8e50a14.jpg)
Delighted to participate in an engaging interactive session with students and faculty at Kokrajhar Medical College and Hospital today. It provided an opportunity to listen to their perspectives and insights on various matters related to the hospital.
This event was attended by… pic.twitter.com/o7CM31k3ov— Pijush Hazarika (@Pijush_hazarika) September 28, 2023
Also Read: ৱৰ্ল্ড আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপত মৃন্ময় তালুকদাৰৰ সোণসহ দুটাকে পদক অৰ্জন...