/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/93a2312b-fd0f-4cec-8470-210585375d45/jayanta.jpg)
মাজবাটৰ ধৰ্ষণ কাণ্ডৰ তদন্ত হ'ব ফাষ্টট্ৰেক আদালততঃ জয়ন্ত মল্ল বৰুৱা...
ডিজিটেল ডেস্কঃ আজি মাজবাটত উপস্থিত হৈ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্য কপাই যোৱা গণ ধৰ্ষণ কাণ্ডৰ পৰিস্থিতি বুজ লয়। তেওঁ মাজবাট পশু চিকিৎসালয় গেষ্ট হাউছত বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সন্মুখত কয় যে, এই ঘটনাৰ তদন্ত ফাষ্টট্ৰেক আদালতত সম্পন্ন কৰা হ'ব।
তেওঁ কয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মা দায়িত্বত থকালৈকে এনে ঘটনা কেতিয়াও সহ্য কৰা নহ'ব। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এনে ঘটনাক লৈ সদায়ে সষ্টম। নিৰ্বাচনৰ সময়ত কোড অফ কনডাক্ট জাৰি হৈ থকাৰ বাবেহে এই ঘটনা সন্দৰ্ভত তেওঁলোক মৌন হৈ আছিল বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
এই ঘটনাত একাংশই ৰাজনীতিৰ ৰং সানিবলৈ চেষ্টা কৰিছে বুলিও অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় এনে ঘটনাক কোনো কালে ৰাজনীতিৰ ৰং সানিবলৈ দিয়া নহ'ব।
On the instructions of Hon'ble CM Dr @himantabiswa sir, I reached Udalguri and took full stock of the inhuman incident that occurred on June 22. Further, engaged with the representatives of various parties, the local residents & the district administration to understand the… pic.twitter.com/hv1EE8GClq
— Jayanta Mallabaruah (@jayanta_malla) June 24, 2024
Also Read: ধেমাজিত প্লাষ্টিক বৰ্জনৰ ৰাজহুৱা সভাঃ নৱীকৰণযোগ্য সামগ্ৰীৰ বিতৰন কেন্দ্ৰ মুকলি