/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b99cf3ee-e444-47da-a9b3-a1518a35e23d/DHEMAJI_24.jpg)
ধেমাজিত প্লাষ্টিক বৰ্জনৰ ৰাজহুৱা সভাঃ নৱীকৰণযোগ্য সামগ্ৰীৰ বিতৰন কেন্দ্ৰ মুকলি
ডিজিটেল সংবাদ ধেমাজি: ধেমাজি নগৰত প্লাষ্টিক সামগ্ৰী বৰ্জনৰ সন্দৰ্ভত সোমবাৰে ধেমাজি পৌৰসভাৰ উদ্যোগত ধেমাজি তিনিআলিৰ নগৰ প্ৰাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ ধেমাজি পৌৰ সভাৰ পৌৰপতি দীপৰেখা দাসবাঘ্ৰীয়ে সঞ্চালনা কৰা সভাখনি উদ্দেশ্য ব্যাখ্যা কৰে উপ-পৌৰপতি বিপ্লৱ কোঁৱৰে ৷
উদ্দেশ্য ব্যাখ্যাত উপ- পৌৰপতি কোঁৱৰে ধেমাজি নগৰবাসী ৰাইজে পেলনীয়া প্লাষ্টিক সামগ্ৰী য'তে ততে নেপেলাই একে ঠাইতে গোট খোৱাই নিদিষ্ট স্থানত ৰাখি জ্বলাই দিয়া অথবা পৌৰ সভাই পেলাবলৈ দিয়া নিৰ্দিষ্ট স্থানত জমা কৰি ৰাখিবলৈ আহ্বান জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/40db3b72-3915-4ca0-adac-5bee145dd147/5e3d36f2-c9f6-41e3-84eb-1b04d72edd69.jpg)
বক্তব্যত তেওঁ ধেমাজি পৌৰ সভাৰ অন্তৰ্গত বিদ্যালয়সমূহত ছাত্ৰ -ছাত্ৰীসকলে যিকোনো সময়ত ব্যৱহাৰ কৰি যোৱা আবৰ্জনাবোৰ লগতে প্লাষ্টিক সামগ্ৰী বৰ্জন কৰিবলৈও তেওঁ সকলোলৈকে অনুৰোধ জনায়৷ বিশেষকৈ বিদ্যালয়ৰ আশেপাশে সৃষ্টি হোৱা আৱৰ্জনা বোৰ আতঁৰাই সৌন্দৰ্য বৰ্ধন কৰি ৰাখিবলৈ ছাত্ৰ -ছাত্ৰীসকলক হাতেকামে কৰি দেখুৱাবলৈ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান আৰু শিক্ষক-শিক্ষয়ত্ৰীলৈ পৌৰসভা ফালৰ পৰা অনুৰোধ জনায় ৷
ইফালে ধেমাজি পৌৰসভাৰ কাৰ্যবাহী বিষয়া অসীমা হাজৰিকা, ধেমাজি নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী পুনিমালা দুৱৰা, ধেমাজি পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ ক্ৰমে ৰমেশ নৰহ, বিজয়া কাকতি, প্ৰতিমা দাস, নলিনী চুতীয়া, স্বচ্ছ ভাৰতৰ চি পি অ' চন্দন দুৱৰা, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, সম্পাদক প্ৰদূম্ন্য ভৰালী, বিশিষ্ট সমাজকৰ্মী হেৰেম্বৰ বৰগোহাঁই, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, সম্পাদক জীৱন কোঁৱৰ, সাংবাদিক জিতু শইকীয়া, জয়ন্ত বৰা, ধেমাজি পৌৰসভাৰ চাফাই কৰ্মী বলীন চেতিয়াসহ বহুলোকে অংশগ্ৰহণ কৰি প্লাষ্টিক বৰ্জন কৰি পৰিৱেশ বিনষ্টৰ পৰা নিজকে হাত সাৰিবলৈ আহ্বান জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a52a1fb7-8718-4f5e-8e94-e04e921778fe/2223b9da-b3d3-44d7-83ae-24b53d03d0de.jpg)
সভাখনৰ পূৰ্বে ধেমাজিত প্ৰথমবাৰৰ বাবে এবাৰ ব্যৱহাৰ হৈ যোৱা আৰু সেই কাপোৰ সমূহ পুনৰ ব্যৱহাৰৰ যোগ্য কৰি তোলাৰ লগতে সেই কাপোৰসমূহ পেলাই দিয়াৰ পৰিবৰ্তে পুনৰ কোনো লোকে পিন্ধিব পৰাকৈ ৰাখি থোৱা এটা Reduce Reuse Recycle চেন্টাৰ মুকলি কৰে ধেমাজি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া অসীমা হাজৰিকাই ৷
আনহাতে ধেমাজি নগৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত থকা ড্ৰেইনত ব্যৱসায়ীসকলে জাৱৰ জোঁঠৰ পেলাই এক পুতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছিল যদিও ধেমাজি পৌৰসভাই ইয়াক নিষ্কাশন কৰি এক সুন্দৰ সৌন্দৰ্যবৰ্ধনৰ উদ্দেশ্য ফুলনিৰ পাৰ্ক মুকলি কৰে ধেমাজি পৌৰসভাৰ পৌৰপতি দীপৰেখা দাসবাঘ্ৰীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/202c00b9-ea2c-437a-bc6b-a13bedb7a66d/a0757fd4-d0e9-462c-b6f8-1ca13f8dd28a.jpg)
Also Read: ৰৌতা-ওদালগুৰি পথত ভয়ংকৰ পথ দুৰ্ঘটনা...