ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ভিতৰতে চুৰিৰে আক্ৰমণ ব্যৱসায়ীক

ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ভিতৰতে চুৰিৰে আক্ৰমণ ব্যৱসায়ীক

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰত অঘটন ৷ ব্যৱসায়ীক চুৰিৰে আক্ৰমণ কৰি লুটি নিলে ধন ৷ বিনোদ জৈন নামৰ ব্যৱসায়ীজনক অচিনাক্ত দুৰ্বৃত্তই চুৰিৰে আঘাত কৰে।

ফলত ব্যৱসায়ীজন আহত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ জানিব পৰামতে হয়বৰগাঁও টাউন আৰক্ষী চকীৰ ওচৰতে থকা জৈন চাৰ্ভিচ নামৰ প্ৰতিষ্ঠানটি সংঘটিত হৈছে এই ঘটনা ৷

প্ৰতিষ্ঠানটি বন্ধ কৰাৰ সময়তে দুষ্কৃতিকাৰী প্ৰৱেশ কৰি বিনোদ জৈনক আক্ৰমনৰ লক্ষ্য কৰি লয় ৷ পিছত চিঞৰ বাখৰ হোৱাত দুষ্কৃতিকাৰীয়ে পলায়ন কৰে ৷ উপস্থিত লোকে তেজেৰে ৰাঙলী হৈ পৰা ব্যৱসায়ীজনক চিকিৎসালয়ত ভৰ্তি কৰে ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ভিতৰতে চুৰিৰে আক্ৰমণ ব্যৱসায়ীক
মঙলদৈত অসমীয়া ছবি 'নটসূৰ্য'ৰ শুভ মহুৰত

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in