/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/94e35fde-eebf-4a98-8e00-5960fa6e7b0f/15.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ ৬৪ নং বাহিনী এছএছবিয়ে অভিযান চলাই ভাৰত ভূটান সীমান্তৰ শশীপুৰৰ পৰা সুৰাভৰ্তি বাহন সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এছএছবি আৰু তামুলপুৰ আবকাৰী বিভাগে অবৈধ ভূটানী সুৰাৰ বিৰুদ্ধে প্ৰতিদিনে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অব্যাহত ৰাখিছে ভুটানী সুৰাৰ ৰমৰমীয়া ব্যৱসায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6a8d147c-5039-4609-b69c-9f5c9a1e9d8b/222efe4b-e29a-4c8f-8dc8-4c2bfc118ebd.jpg)
ভাৰত ভূটান সীমান্তৰ শশীপুৰত ৬৪ নং এছএছবিৰ চি কোম্পানীৰ ইন্সপেক্টৰ এন কেছো সিঙৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি ২১৬ টা ভূটানী সুৰা সহ সৰ্বমুঠ ১৯ কাৰ্টুন ভূটানী সুৰা ভৰ্তি এ এছ ০১ বি এফ ৮৭৩৮ নম্বৰৰ চাৰিচকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। পিছত জব্দ কৰা সুৰা ভৰ্তি বাহন সহ সৰবৰাহকাৰী ফুংখা নাৰ্জাৰীক তামুলপুৰ আবকাৰী বিভাগক গতাই দিয়ে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7ce25c2f-761c-4124-acb6-3ab9150728c1/ad71cce7-52e5-46a5-8084-3d027db5a72d.jpg)
তামুলপুৰ আবকাৰী বিভাগৰ সহ পৰিদৰ্শক সত্যজিৎ সিনহাই জনোৱা মতে চাৰিচকীয়া বাহনখনেৰে ভূটানৰ পৰা সুৰাসমূহ তামুলপুৰ জিলা সদৰলৈ আনি থকা অৱস্থাতে এছএছবিৰ লোকে সুৰা সহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। আবকাৰী বিভাগে এছ এছবিৰ সহযোগত ভাৰত ভূটান সীমান্ত অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এনেদৰে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।
Also Read: তিতাবৰত ৰক্তদান শিবিৰ আৰু সজাগতা সভা...