শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন

শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন

ডিজিটেল সংবাদ,কোকৰাঝাৰ : ৭৫ বছৰ গৰকা শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ বুধবাৰে মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰা হয় ৷ আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ মহাৰজত জয়ন্তী ৷

এই উপলক্ষে আজি পুৱা বিদ্যালয়ৰ পতাকা উত্তোলনেৰে মহাৰজত জয়ন্তী উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ অধ্যক্ষ লক্ষণ চন্দ্ৰ দাসে ৷ মহাৰজত জয়ন্তী পতাকা উত্তোলন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই ৷

ইয়াৰ সমান্তৰালভাৱে মহাৰজত জয়ন্তী উপলক্ষে ৭৫ খনকৈ পতাকা একেলগে উত্তোলন কৰা হয় ৷ ইয়াৰ পিছতে মহাৰজত জয়ন্তীৰ স্মাৰক উন্মোচন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হয় ৷

সেই অনুসৰি স্বামী যোগানন্দগিৰিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ড° পৰেশ চন্দ্ৰ ৰায়ে ৷ শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত জীতেন্দ্ৰ নাথ ৰায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে চিথিলা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন্দ্ৰ ৰায়ে ৷

প্ৰতিষ্ঠাপক উপাধ্যক্ষ প্ৰয়াত কৃষ্ণ মোহন অধিকাৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ আগবঢ়ায় শক্তিআশ্ৰম পৰিচালনা সমিতিৰ সভাপতি গীৰিন্দ্ৰ নাৰায়ণ ৰায়ে ৷ ইয়াৰ পিছতে প্ৰয়াত শিক্ষকসকলৰ সোঁৱৰণত শ্ৰদ্ধা নিবেদন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি লম্বোদৰ ৰায়ে ৷

পুৱা ১১-০০ বজাত প্ৰাচীৰ পত্ৰিকা এখন উন্মোচন কৰে শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ উপাধ্যক্ষ মঃ তোজাম্মেল হকে ৷ ইয়াৰ পিছতে ছাত্ৰ - ছাত্ৰীৰ মাজত খেল ধেমালি, চিত্ৰাংকন, তৰ্ক, আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

সন্ধিয়া ৬-০০ বজাত ৭৫ গছি বন্তি প্ৰজ্বলন আৰু সন্ধিয়া ৭-০০ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় ৷ আনহাতে বৃহস্পতিবাৰে পুৱা বৃক্ষৰোপণৰে মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব ৷

উল্লেখ্য যে, ২২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ,সন্মানীয় অতিথিৰূপে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰীদ্বয় ডা° ৰণোজ পেগু আৰু জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে ৷

শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন
টুম্প্ৰেঙত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপনৰ ব্যাপক আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in