ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি

ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি

author-image
Asomiya Pratidin
New Update
ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি

ডিজিটেল সংবাদ,ওদালগুৰিঃ ওদালগুৰি চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সোমবাৰে অন্তিম দিনা দিনৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা। বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে উদ্বোধন কৰা মুকলি সভাখনত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি তথা বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা স্থানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।

Advertisment

মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় "শিক্ষা মানুহৰ বিকাশৰ বাবে হব লাগে আৰু সভ্য সমাজৰ উন্নতিৰ বাবে ভাল শিক্ষাৰ প্ৰয়োজন হয়। তেওঁ বিটিআৰ অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ সামগ্ৰিক বিকাশ সাধনৰ বাবে প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন আছে।" লগতে তেওঁ সকলোৰে একান্ত প্ৰচেষ্টাতহে সৰ্বতোপ্ৰকাৰৰ উন্নতি কৰিব পৰা যায় বুলি মন্তব্য কৰি নতুন প্ৰতিযোগিতাৰ লগত সামঞ্জস্য ৰাখি শিক্ষা প্ৰদান কৰিবলৈ শিক্ষক সমাজৰ প্ৰতি তেওঁ আহ্বান জনায়।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহন কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° যতীন শৰ্মাই মানুহক বিভিন্ন দিশত দক্ষতা প্ৰদান কৰিবলৈ শিক্ষাৰ বিকাশ ঘটাব লাগিব বুলি মত ব্যক্ত কৰে। বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰাৰ প্ৰয়োজনৰ বিষয়েও ব্যৱস্থা লোৱাৰ দৰকাৰ আছে বুলি তেওঁ মন্তব্য কৰে। সভাত সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োয়ে গুণগত শিক্ষাক আগবঢ়াই নিয়াৰ বাবে সকলোৰে দায়িত্ব থকাৰ কথা প্ৰকাশ কৰে।

হীৰক জয়ন্তী উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুত কৰা বাৰেৰহণীয়া নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। আজিৰ এই মুকলি সভাত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে। আজি নিশা আমন্ত্ৰিত শিল্পীৰ লগতে জিহিস্কেল কাৰ্জীৰ দ্বাৰা চেক্স'ফোন পৰিৱেশনৰ পাছতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছতে ৰাতি মূল পতাকা অৱনমনেৰে হীৰক জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি পৰিব।

উল্লেখ্য যে এই হীৰক জয়ন্তী অনুষ্ঠানৰ কালি দ্বিতীয় দিনা প্ৰাক্তন সতীৰ্থ সন্মিলন অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনত অধ্যয়ণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা শিক্ষাৰ্থীৰ উপস্থিতিয়ে এক আনন্দ মুখৰ পৰিৱেশৰ সূচনা কৰে। সকলোৱে নাচি-বাগি গান গাই, খেল-ধেমালিৰ মাজেৰে আনন্দত মতলীয়া হৈ পৰে। ইয়াৰ পাছতে কালি নিশা ফুকন বড়ো আৰু আচ্যুৰ্য বৰপাত্ৰৰ সঙ্গীতানুষ্ঠানে সকলোকে মুহিত কৰে।

Also Read: বিতৰ্কৰ অন্ত! ঘোষণা হ'ল মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম