চিৰাঙৰ এগৰাকী উদ্যমী ক্ষুদ্ৰ ব্যৱসায়ীৰ মহানুভৱতা...

চিৰাঙৰ এগৰাকী উদ্যমী ক্ষুদ্ৰ ব্যৱসায়ীৰ মহানুভৱতা...

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ এগৰাকী উদ্যমী ক্ষুদ্ৰ ব্যৱসায়ীৰ মহানুভৱতা...

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ কাজলগাঁওস্থিত উদ্যমী ব্যৱসায়ী তথা ফুংবিলী ছুইটচ ষ্ট'লৰ স্বত্বাধিকাৰী প্ৰদীপ বসুমতাৰীৰ উদ্যোগত কাজলগাঁও সাপ্তাহিক বজাৰ সভাগৃহত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩৩ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ।

Advertisment

বৃহত্তৰ কাজলগাঁও এলেকাৰ মুঠ ৭ খন শিক্ষানুষ্ঠানৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ২০ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক গাইপতি ১০ হেজাৰ আৰু ১৩ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ৫ হেজাৰ টকাৰ চেক, এখন উপহাৰৰ টোপোলা আগবঢ়োৱাৰ উপৰিও এটা আৰ'নাই দি সম্বৰ্ধনা জনোৱা হয় । বুধবাৰে অনুষ্ঠিত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠান সন্দৰ্ভত ফুংবিলী চুইটচ ষ্ট'লৰ স্বত্বাধিকাৰী প্ৰদীপ বসুমতাৰীয়ে নিজৰ সংগ্ৰামী জীৱনৰ কথা সুঁৱৰি বৰ্তমান সময়ৰ ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

লগতে তেওঁলোকক আগলৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰাৰ লক্ষ্যৰে এই কিঞ্চিত উপহাৰৰ ব্যবস্থা কৰিছে বুলি উল্লেখ কৰে । আজিৰ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ছেৰফাগুৰী বিএএড কলেজৰ অধ্যক্ষ তথা সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত ডঃ অজিত বড়ো, চিৰাঙৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া জয়পাল সিং ব্ৰহ্ম, কাজলগাঁও কলেজৰ অধ্যক্ষা ডঃ নীল পদ্মীনি ৰাভা। ইয়াৰোপৰি সম্বৰ্ধনা লাভ শিক্ষানুষ্ঠান সমূহৰ অধ্যক্ষ সকলৰ উপৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল ।

Also Read: নগাঁও কলেজ (অট’নমাচ)ত জৈৱ বৈচিত্ৰ্য দিৱস,২০২৪ উদযাপন

chirang businessman