ওদালগুৰিৰ পৰাই পৰিচালিত হ'ব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচন

ওদালগুৰিৰ পৰাই পৰিচালিত হ'ব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচন

ডিজিটেল সংবাদ, ওদালগুৰি: লোকসভা নিৰ্বাচনলৈ মাজত এমাহ বাকী থকা সময়তে নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন‌। সোমবাৰে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পৃথকে পৃথকে অনুষ্ঠিত হয় বিভিন্ন ৰাজনৈতিক দল আৰু সাংবাদিকৰে সৈতে সভা।

সাংবাদিকৰ সৈতে অনুষ্ঠিত সভাখনত উপস্থিত থাকি জিলা আয়ুক্ত ডাঃ ছাদনেক সিঙে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ওদালগুৰি জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হোৱা বুলি জানিবলৈ দিয়ে। এইবেলি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচনী কাম-কাজ পৰিচালনাৰ বাবে ওদালগুৰি জিলাখনক নডেল জিলা হিচাপে ধৰা হৈছে। যাৰ ফলত লোকসভা সমষ্টিৰ সমূহ কামকাজত লগতে ভোটগণনাৰ কাৰ্যক্ৰম ওদালগুৰি জিলাৰ পৰাই পৰিচালিত হ'ব।

লোকসভা সমষ্টিটোৰ বাবে ২৮ মাৰ্চত মনোনয়ন সংগ্ৰহ, ৪ এপ্ৰিল মনোনয়ন দাখিলৰ অন্তিম দিন, ৫ এপ্ৰিল মনোনয়ন পৰীক্ষা, ৮ এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন, ২৬ এপ্ৰিলত ভোটগ্ৰহণ আৰু ৪ জুনত ভোটগণনা।

ইফালে জিলা প্ৰশাসনে সাংবাদিকক যোগান ধৰা জিলাভিত্তিক তথ্য অনুসৰি ৪ নম্বৰ দৰং-মঙ্গলদৈ লোকসভা সমষ্টিৰ বাবে কামৰূপ, বাক্সা, ওদালগুৰি আৰু দৰং জিলাত আছে ১১ টাকৈ বিধানসভা সমষ্টি। উক্ত ১১ টাকৈ বিধানসভা সমষ্টিত ১০,৯৯,২৯৪ গৰাকী পুৰুষ আৰু ১০,৮৭,৮৪০ গৰাকী মহিলা আৰু ১৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা ২১,৮৭,১৬০ গৰাকী।

ইয়াৰে ভিতৰত কামৰূপৰ ৩১ নং ৰঙিয়া আৰু ৩২ নম্বৰ কমলপুৰ বিধানসভা সমষ্টিত ১,৯৬,৯৫৬ গৰাকী পুৰুষ ভোটাৰ আৰু ১,৯১,৩৭৬ গৰাকী মহিলা ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা ৩,৮৮,৩৩২ গৰাকী। বাক্সা জিলাৰ ৪৩ নম্বৰ তামুলপুৰ আৰু ৪৪ নম্বৰ গোৰেশ্বৰ বিধানসভা সমষ্টিত ২,০৭,২৬০ গৰাকী পুৰুষ ভোটাৰ আৰু ২,০৪,৪০৪ গৰাকী মহিলা ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা ৪,১১,৬৬৪ গৰাকী। ওদালগুৰি জিলাৰ ৪৫ নম্বৰ ভেৰগাওঁ, ৪৬ নম্বৰ ওদালগুৰি, ৪৭ নম্বৰ মাজবাট আৰু ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিত ৩,৪১,৩৯৫ গৰাকী পুৰুষ, ৩,৪৭,৮০৭ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয়য় লিংগৰ ভোটাৰসহ মুঠ ৬,৮৯,২০৬ গৰাকী ভোটাৰ।

দৰং জিলাৰ ৪৯ নম্বৰ ছিপাঝাৰ, ৫০ নম্বৰ মঙ্গলদৈ আৰু ৫১ নম্বৰ দলগাওঁ বিধানসভা সমষ্টিত ৩,৫৩,৬৮৩ গৰাকী পুৰুষ, ৩,৪৪,২৬০ গৰাকী মহিলা আৰু ১৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰ ৬,৯৭,৯৫৮ গৰাকী। একেদৰে এইবাৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ২,৬২২ টা।

ইয়াৰে ভিতৰত ওদালগুৰি জিলাত মুঠ স্পৰ্শকাতৰ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৪৭ টা। দৰং-ওদালগুৰি লোকসভা সমষ্টিত ১৩,৯৫২ গৰাকী ৮৫ বছৰতকৈ ওপৰৰ ভোটাৰ, ৩৬৫ গৰাকী এশ বছৰ উৰ্দ্ধৰ ভোটাৰ আৰু ২৬,৬৬৩ গৰাকী ১৮-১৯ বছৰীয়া ভোটাৰ আছে। ইফানে স্বচ্ছ আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলাখনৰ নিৰ্বাচনৰ দ্বায়িত্বত থাকিব এজন ৰিটাৰ্ণিং বিষয়া, ১২ গৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ লগতে ৮ গৰাকী জোনেল বিষয়াৰ লগতে ১০৩ গৰাকী ছেক্টৰ বিষয়া।

আজিৰ সভাত জিলা আয়ুক্ত ডাঃ ছাদনেক সিং, নিৰ্বাচনী দ্বায়িত্বত থকা অতিৰিক্ত আয়ুক্ত এম কুটুম, জিলা নিৰ্বাচনী বিষয়াকুল ভূষণ পেগু, ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া অভিজিৎ ৰাজখোৱাৰ লগতে জিলাখনৰ একাংশ সাংবাদিক।

ওদালগুৰিৰ পৰাই পৰিচালিত হ'ব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচন
মৰুভূমি হ'ব গুৱাহাটী! কোনোৱে বোৰিং কৰি টকা ঘটিছে, কোনোৱে এটুপি পানীৰ অভাৱত পৰিছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in