মৰুভূমি হ'ব গুৱাহাটী! কোনোৱে বোৰিং কৰি টকা ঘটিছে, কোনোৱে এটুপি পানীৰ অভাৱত পৰিছে...

মৰুভূমি হ'ব গুৱাহাটী! কোনোৱে বোৰিং কৰি টকা ঘটিছে, কোনোৱে এটুপি পানীৰ অভাৱত পৰিছে...

ডিজিটেল ডেস্কঃ পানীৰ সংকটত পৰিছে গুৱাহাটী মহানগৰী। টকা দিলেও পানী নোপোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰীত। খোৱাপানী পানীৰ সংকতে জুৰুলা কৰিছে মহানগৰবাসীক।

ফ্লেট, ডাঙৰ অট্টালিকা আদিৰ গভীৰ নলা-নৰ্দমা আদিয়ে শুহি নিছে পানী। যাৰ বাবে এতিয়া মধ্যবিত্তসকলৰ মাজত দেখা দিছে গভীৰ সমস্যাই। যোৱা বহুকেইমান ধৰি গুৱাহাটীত বৰষুণ নাই।ইয়াৰ বাবে ধূলিৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে প্ৰদূষণো বৃদ্ধি পাইছে।

বৰ্তমান ৫০০ লিটাৰ পানীৰ মূল্য ৪০০ টকা হৈছেগৈ। কিন্তু টকা দিয়াৰ পাছতো এতিয়া পানী পোৱা নাই জনতাই। জাইকাৰ পানী যোগান আঁচনিও উঠিছে ধোঁৱাচাঙত। বিপাঙত পৰিছে জিএমচি।

উল্লেখ্য যে, প্ৰতিদিনে জলবোৰ্ডে গুৱাহাটীত ৩২৮.৮৬ নিযুত লিটাৰ পানী যোগান ধৰিব লাগে। কিন্তু পানী যোগান ধৰা ৩ টা চৰকাৰী সংস্থাই কেৱল ৭২.৪০ নিযুত লিটাৰ পানীহে যোগান ধৰি আছে। ইয়াৰ বাবে অভাৱ হৈছে ২৫৬.৪৬ নিযুত লিটাৰ পানীৰ।

ইয়াৰ বিপৰীতে একাংশলোক এতিয়া কোনো ধৰণৰ লাইচেন্স নোলোৱাকৈ পানী বোৰিং কৰি বিক্ৰী কৰে। ইয়াৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰক কোনো ধৰণৰ কৰ নিদিয়ে আৰু বিয়াগোম বিভাগটোৱেও এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। যদি এনে হৈ থাকে তেন্তে পৰিৱৰ্তী সময়ত আৰু অধিক বৃদ্ধি পাব পানীৰ সমস্যা আৰু মৰুভূমি সদৃশ হৈ পৰিব গুৱাহাটী।

মৰুভূমি হ'ব গুৱাহাটী! কোনোৱে বোৰিং কৰি টকা ঘটিছে, কোনোৱে এটুপি পানীৰ অভাৱত পৰিছে...
যুৱতীক অপহৰণ কৰি ভাৰাঘৰত নিৰ্যাতন, পলাতক হৃদয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in