লোকসভা নিৰ্বাচন: বাক্সা জিলাত ভোটাৰৰ সংখ্যা ৮,০৬,৫১৮ গৰাকী

লোকসভা নিৰ্বাচন: বাক্সা জিলাত ভোটাৰৰ সংখ্যা ৮,০৬,৫১৮ গৰাকী

ডিজিটেল সংবাদ, বাক্সাঃ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাচতে তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন ৷ জিলাখনৰ অন্তৰ্ভুক্ত চাৰিটা সমষ্টিত কিদৰে সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিব এই লৈ বাক্সা জিলা প্ৰশাসনে ।

জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্ত কৃষ্ণা বৰুৱাই কয় যে জিলাখনৰ অন্তৰ্গত ৪১নং মানাহ, ৪২ নং বাক্সা, ৪৩ নং তামুলপুৰ আৰু ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৮,০৬,৫১৮ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৪০৫০০১ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ৪০১৫১৭ গৰাকী।

সমষ্টি অনুসৰি ৪১ নং মানস বিধানসভা সমষ্টিত ২০০৪০৩ জন, ৪২ নং বাক্সা বিধানসভা সমষ্টিত ১৯৪৪৫১ জন, ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত ২১২২৫৭ জন আৰু ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত ১৯৯৪০৭ জন ভোটাৰ আছে । ইয়াৰে তামুলপুৰ আৰু গোৰেশ্বৰ দৰং-ওডালগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাক্সা আৰু মানাহ কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্ভুক্ত।

ইতিমধ্যে জিলা প্ৰশাসনে নিৰ্বাচনৰ লগত জড়িত প্ৰতিটো দিশতে তৎপৰ হোৱাৰ লগতে ৰাজনৈতিক দল সমূহৰ সহায় হোৱাকৈ দুটাকৈ এপছ মুকলি কৰা বুলি জানিব দিয়ে জিলা আয়ুক্ত গৰাকীয়ে।

লোকসভা নিৰ্বাচন: বাক্সা জিলাত ভোটাৰৰ সংখ্যা ৮,০৬,৫১৮ গৰাকী
বিজেপিক কটাক্ষ বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in