/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/c2ad4de8-2f05-4887-ad97-b5407bf79f09/kkklk.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ বিজেপি বাদ দি এবাৰ নিৰ্বাচন খেলি চাওঁক দিলীপ শইকীয়াই। দিলীপ শইকীয়াই বি পি এফ প্ৰাৰ্থী দুৰ্গা দাস বড়োক অচল পইছা বুলি কট্যাক্ষ কৰাৰ পিছতে দিলীপ শইকীয়াক উভতি ধৰিলে দুৰ্গা দাস বড়োয়ে।
তেওঁ কয় যে, দৰং-ওদালগুৰি ৰাইজে জানে ২০ বছৰে বিজেপিয়ে কি কাম কৰিলে। দৰং- ওদালগুৰিৰ বিজেপিৰ সাংসদসকল চলি থকা পইছা নহয়। বি পি এফক এবাৰ সুযোগ দিয়ক বি টি চি আৰু বি টি চিৰ ৰাইজৰ উন্নয়নৰ বাবে। নিজৰ স্বাৰ্থৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত দৰং-ওদালগুৰি লোক সভা সমষ্টিত বিজেপিৰ বাবে হিতে বিপৰীত হৈছে।
১১ লাখ ৫০ হাজাৰ ভোট থকা বি টি চিৰ অঞ্চলত বি পি এফ এক নম্বৰ হব। বি টি চিৰ বাহিৰত থকা বিধানসভা সমষ্টিত ভোট বিন্যাসে লাভাম্বিত কৰিব বি পি এফক। ৰাজনৈতিক দল এ আই ইউ ডি এফে মুকলি সমৰ্থন দিছে বি পি এফক। এ আই ইউ ডি এফৰ ভোট লাভ কৰিব বি পিছলৈ এফো। এই মন্তব্য দুৰ্গা দাস বড়োৰ।;দলীয় টিকত লাভ কৰাৰ পিছতে ৰৌতাত বিপুল আদৰণি বি পি এফ প্ৰাৰ্থী দুৰ্গা দাস বড়োক।
Also Read: বাৰিষা সন্মুখত লৈ ৰবি শস্যৰ বীজ যোগানৰ নামত বীজ নিগমত পুনৰ ভয়ংকৰ কেলেংকাৰীৰ ব্লু প্ৰিন্ট
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us