বাক্সাত কোকৰাঝাৰৰ অবড়ো প্ৰাৰ্থী জোন দাসৰ নিৰ্বাচনী প্ৰচাৰ

বাক্সাত কোকৰাঝাৰৰ অবড়ো প্ৰাৰ্থী জোন দাসৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ, বাক্সাঃ সমাগম লোকসভা নিৰ্বাচন। ইতিমধ্যে দেশ তথা ৰাজ্যৰ সকলো ৰাজনৈতিক দলে অবিৰতভাৱে অব্যাহত ৰাখিছে তেওঁলোকৰ প্ৰচাৰ অভিযান । ব্যতিক্ৰম নহয় বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ সমষ্টিও। কোকৰাঝাৰত বিপিএফ-ইউপিপিএল তথা অন্যান্য দল সংগঠনৰ সমান্তৰালভাৱে জোৰদাৰ প্ৰচাৰ অভিযান চলাইছে অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ প্ৰক্ষেপিত প্ৰাৰ্থী জোন দাসেও ।

দেওবাৰে বাক্সা জিলাৰ থমনাত প্ৰাৰ্থীগৰাকীয়ে বহু শতাধিক মহিলাক লগত লৈ ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখে। প্ৰচাৰ অভিযানৰ মাজতে সংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত জোন দাসে কয় যে অবড়ো সংগঠন জন্ম হ'বলৈ বাধ্য হৈছিল বিপিএফৰ কু-শাসনৰ ফলশ্ৰুতিত। বিপিএফৰ পিছত ইউপিপিএল মিত্ৰজোঁটৰ চৰকাৰ শাসনলৈ আহিল যদিও বিটিআৰত বসবাস কৰা অনাবড়ো লোকৰ কোনোধৰণৰ পৰিবৰ্তন আজিলৈকে নহ'ল । সেয়েহে আমাৰ কামেই হ'ব বিটিআৰত বসবাস কৰা ২২ লক্ষ্য অনাবড়ো লোকৰ জাতি-মাটি-ভাষা-সংস্কৃতিৰ লগতে কৰ্ম সংস্থাপন তথা ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। কোকৰাঝাৰৰ ৰাইজে নিশ্চয় এই কথা বুজি পাই এইবাৰৰ নিৰ্বাচনত ভোটদান কৰিব বুলি জোন দাস আশাবাদী। সাক্ষাৎকাৰত জোন দাসে বিপিএফ ইউপিপিএলৰ লগতে সাংসদ নৱ কুমাৰ শৰণীয়াকো ক্ষুৰধাৰ সমালোচনা কৰে।

বাক্সাত কোকৰাঝাৰৰ অবড়ো প্ৰাৰ্থী জোন দাসৰ নিৰ্বাচনী প্ৰচাৰ
কংগ্ৰেছত অব্যাহত আছে খহনীয়াঃ দৰঙত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in