ছেবা-শিক্ষা সংসদ বিলুপ্তিকে ধৰি কেবিনেটে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে...

ছেবা-শিক্ষা সংসদ বিলুপ্তিকে ধৰি কেবিনেটে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে...

author-image
Asomiya Pratidin
New Update
ছেবা-শিক্ষা সংসদ বিলুপ্তিকে ধৰি কেবিনেটে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে...

ডিজিটেল ডেস্ক : অতীত হ'ব ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিননেট বৈঠকত লোৱা হৈছে চূড়ান্ত সিদ্ধান্ত। এতিয়াৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আসাম ষ্টেট স্কুল এডুকেশ্ব্যন ব'ৰ্ডৰ অধীনত অননুষ্ঠিত হ'ব।

Advertisment

কেবিনেট বৈঠক সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এক সংবাদমেল সম্বোধন কৰি কয় যে, ২০২৪ বৰ্ষৰ বাজেট অধিৱেশন অহা বৰ্ষৰ ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটে।

ইয়াৰোপৰি অসমৰ ১০খন মিচিং লোকৰ বসতিপূৰ্ণ জিলাত আলি আয়েঃ লৃগাংৰ চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়া মতে, পূৰ্বতে বিনামূলীয়া চাউল বিতৰণ কৰা হৈছিল অন্নসেৱা সপ্তাহৰ জৰিয়তে। প্ৰতিমাহৰ ১০ তাৰিখৰ পৰা ১৬ তাৰিখলৈ এই সেৱা সপ্তাহ আয়োজন কৰা হৈছিল।

সংশোধিত নিয়ম অনুসৰি এতিয়াৰ পৰাই প্ৰতিমাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখলৈ বিনামূলীয়া চাউলসমূহ হিতাধিকাৰী সকলক বিতৰণ কৰিব লাগিব বিতৰকে। অসম খাচী-জয়ন্তীয়া উন্নয়ন পৰিষদ গঠনতো অনুমোদন জনাই কেবিনেটে।

আনহাতে ইলেক্টনিক বাহনৰ চালকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে কেবিনেটে এনে বাহনৰ পঞ্জীয়ন মাচুল দুই শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। বৰ্তমানৰ ১০ শতাংশৰ ঠাইত ইলেক্ট্ৰনিক বাহনৰ পঞ্জীয়ন মাচুল ৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। এই নতুন নিৰ্ধাৰিত পঞ্জীয়ন মাচুল ২০২৫ৰ ৩১মাৰ্চলৈকে প্ৰযোজ্য হ'ব।

Also Read: নলবাৰী জিলা প্রশাসনৰ উদ্যোগত ৰাষ্ট্রীয় প্রেছ দিৱস পালন

AHSEC seba Jayanta Mallabarua