হাগ্ৰামা মহিলাৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ লৰেঞ্চ ইছলাৰীৰ

হাগ্ৰামা মহিলাৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ লৰেঞ্চ ইছলাৰীৰ

ডিজিটেল সংবাদ,কোকৰাঝাৰ : হাগ্ৰামা মহিলাৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া লৰেঞ্চ ইছলাৰীৰ। বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ দোতমা ব্লকৰ কৰ্মীসভাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আমোলত সংঘটিত কেতবোৰ কথাক লৈ মন্তব্য প্ৰকাশ কৰিছিল।

জানিব পৰা মতে তেওঁ কৈছিল যে, বিটিচি সচিবালয়ৰ চৌহদত চলন্ত গাড়ীৰ ভিতৰত টকাৰ লেনদেন সম্পন্ন হয়। বৰাবাড়ীত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ বাসভৱনৰ মেৰামতিৰ নামত দূৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতেই কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে হাগ্ৰামা মহিলাৰীক উভতি ধৰে।

কোকৰাঝাৰ বডোফা সাংস্কৃতিক কেন্দ্ৰত আয়োজিত হোৱা এক সংবাদমেলত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয়- 'হাগ্ৰামা মহিলাৰীৰ অভিযোগ ভিত্তিহীন, হাস্যকৰ আৰু সম্পূৰ্ণ এক মনেসজা কাহিনী । হাগ্ৰামা মহিলাৰীৰ শাসনকালত হয়তো তেনেধৰণৰ পৰিৱেশ আছিল আৰু সেয়ে এতিয়া তেনে কাহিনী ৰচনা কৰিছে' বুলি লৰেঞ্চ ইছলাৰীয়ে কয়।

তেওঁ লগতে কয় যে প্ৰমোদ বড়ো বিটিচিৰ মুখ্য কাৰ্যবাহী হোৱাৰ পিছতে নিকা আৰু স্বচ্ছভাৱে চৰকাৰ চলাই আছে আৰু যাৰ বাবে প্ৰমোদ বড়ো ৰাজ্যজুৰি প্ৰশংসাৰ পাত্ৰ হৈছে । বিটিচিত কাৰ আমোলত কিমান কোটি টকাৰ দূৰ্নীতি হৈছিল সেয়া সকলোৱে জানে বুলি মন্তব্য কৰি লৰেঞ্চ ইছলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

দুৰ্ভাগ্যজনকভাৱে হাগ্ৰামা মহিলাৰীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ঘৰৰ কথাটোও টানি আনিছে। দোতমাৰ বৰাবাড়ীত থকা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ঘৰটো প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৫০ লাখ টকাৰে নিৰ্মান কৰি দিছিল আৰু পুনৰনিৰ্মাণৰ নামত প্ৰমোদ বড়ো চৰকাৰে ২ কোটি টকা খৰছ কৰা বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগ ভিত্তিহীন বুলি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে উল্লেখ কৰে।

প্ৰকৃততে কোকৰাঝাৰত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট মিটিঙৰ সময়ত মুখ্যমন্ত্ৰীয়ে বডোফাৰ সমাধীথলী থলুংগাপুৰী আৰু বৰাবাড়ীত থকা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ঘৰ পৰিদৰ্শন কৰিছিল । সেইসময়ত থুলুংগাপুৰীৰ ৰাস্তা-ঘাট নিৰ্মান , মেৰামতি , সৌদৰ্যবৰ্ধন , বৰাবাড়ীত থকা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ঘৰত থ্ৰিপেইজ বিদ্যুত লগোৱা , এচি লগোৱা , বহিবলৈ চোফা আদি ইত্যাদিৰ বাবদ হে সৰ্বমুঠ ২ কোটিৰ বাজেট নিৰ্ধাৰণ কৰা হৈছিল আৰু ইয়াৰে ১৭ লাখ টকাহে বৰাবাড়ীত থকা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ঘৰৰ নামত খৰছ হৈছিল বুলি বিধায়কগৰাকীয়ে মন্তব্য প্ৰদান কৰে ।

প্ৰমোদ বড়োৰ নিকা ভাৱমূৰ্তি হেয় প্ৰতিপন্ন কৰিবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে হাগ্ৰামা মহিলাৰীয়ে ভুৱা তথ্য প্ৰচাৰ কৰিছে বুলি লৰেঞ্চ ইছলাৰীয়ে দাবী কৰে। আনহাতে ইউ পি পি এলৰ পৰা বিপিএফত একাংশই যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে ইয়াৰ দ্বাৰা দলৰ তিলমানো ক্ষতি নহয় আৰু অহা লোকসভা নিৰ্বাচনত ইউপিপিএল দলে অতি ভাল ফলাফল দেখুয়াবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ।

হাগ্ৰামা মহিলাৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ লৰেঞ্চ ইছলাৰীৰ
প্ৰমোদ বড়োৰ আহ্বানত হাতী-মানুহ সংঘাত সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in