প্ৰমোদ বড়োৰ আহ্বানত হাতী-মানুহ সংঘাত সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

প্ৰমোদ বড়োৰ আহ্বানত হাতী-মানুহ সংঘাত সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ত BTR প্ৰধান প্ৰমোদ বড়োৰ আহ্বানত বিটিআৰ অঞ্চলৰ ভাৰত-ভূটান সীমান্তত অব্যাহত থকা হাতী মানুহৰ সংঘাত তথা বন্য জীৱ-জন্তুৰ মাজত সংঘাত বৃদ্ধিক লৈ এখন গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। তামুলপুৰ মহকুমাধিপতিৰ সভাগৃহত অনুষ্ঠিত সভাত বাক্সা জিলাৰ বন বিভাগৰ বিষয়া আৰু NGO ৰ বিষয়ববীয়াসকলৰ মাজত এই গুৰুত্বপূৰ্ণ বৈঠকত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত সম্পৰ্কে আলোচনা কৰা হয় ।

বিভিন্ন জনৰ লগতে বিটিআৰ ই এম, এম চি এল এ, বিধায়কেসকলে অংশগ্ৰহন কৰি হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে কিছু কথা অৱগত কৰে ৷ শীঘ্ৰেই সংঘাত দূৰীকৰণৰ বাবে ব্যৱস্থা লব BTR চৰকাৰক আহ্বান জনায় ।

আলোচনাত হাতী দণ্ডীসমূহ মুক্ত কৰা হাতীৰ বাবে মুকলি চৰণীয়া পথাৰত ঘাঁহনি ৰখা আক্ৰান্ত লোকসকলৰ সাহায্যৰ পৰিমান বৃদ্ধি কৰা কেবাটা বিষয়ৰ ওপৰত সহমত প্ৰকাশ কৰে । শেহতীয়াকৈ বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে জীৱ-জন্তুৰ ভৱিষ্যতৰ নিৰাপত্তা ,সজাগতা ,সংঘাত দূৰ কৰা ,আক্ৰান্ত আৰু ক্ষতিগ্ৰস্তসকলৰ বাবে সাহায্যৰ বিষয় লৈ ৭টাকৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ইপিনে নৱেম্বৰ মাহত মানস অভায়ৰণ্যত দুদিনীয়াকৈ এখন কৰ্মশালাৰ আয়োজন কৰি বি টি আৰৰ বন বিভাগ,সাধাৰণ প্ৰশাসন আৰু আৰক্ষী বিভাগকো জৰিত কৰা হ'ব বুলি কয়। আনহাতে, BTRত চলা উচ্ছেদ প্ৰক্ৰিয়া সম্পৰ্কেও প্ৰমোদ বড়োই মন্তব্য প্ৰদান কৰে।

'আমি ৪২ হেজাৰ পৰিয়ালক ভূমিৰ সমস্যা সমাধান কৰিছোঁ। অহা ১-২ বছৰত আৰু ১০-১৫ হেজাৰ পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিবলৈ গৈ আছোঁ।'

নিয়োগ সম্পৰ্কেও প্ৰমোদ বড়োই কেতবোৰ মন্তব্য প্ৰদান কৰে। হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক বিটিচি সচিবালয় আৰু প্ৰমোদ বড়োৰ গাড়ীত টকা লোৱাৰ অভিযোগৰ প্ৰত্যুত্তৰত প্ৰমোদ বড়োই কয়- 'তেওঁৰ মোক লৈ বহুত সন্দেহ হয়। হাগ্ৰামাক অনুৰোধ, হাগ্ৰামাৰ পৰিয়ালৰ এজন মানুহ দিয়ক যাতে মোৰ গাড়ীত বহি থাকক। যিমান পইচা আহে সদায় লৈ গৈ থাকক। যি মানুহৰ কৰ্ম নাই তেওঁ আবোল-তাবোল বকি সমাজক বিপথে পৰিচালিত কৰে। বিগত আঢ়ৈ বছৰে তেওঁ এচেম্বলীত অহা নাই।' লগতে তেওঁ আন কেইবাটাও বিষয়ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

প্ৰমোদ বড়োৰ আহ্বানত হাতী-মানুহ সংঘাত সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক
জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in