গাৰামদেউত লক্ষ্মী পূজাৰ আয়োজন

গাৰামদেউত লক্ষ্মী পূজাৰ আয়োজন

ডিজিটেল সংবাদ,মুছলপুৰ : শাৰদীয় দুৰ্গোৎসৱৰ পিছতে চৌদিশে লক্ষ্মী পূজাক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । শনিবাৰে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী গাৰামদেউত ৮৪ সংখ্যক গাৰামদেউ শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু সভা মহোৎসৱৰ শুভাৰম্ভ কৰা হয় ।

উদযাপন সমিতিৰ সভাপতি হেমন্ত ভৰালীয়ে জানিব দিয়া অনুসৰি এইবেলি পূজা আৰু সভা অইনবেলিৰ দৰে গতানুগতিকভাৱে আয়োজন নকৰি সমূহ গাৰামদেউবাসী ৰাইজৰ সহযোগত কিছু ব্যতিক্ৰমী আৰু নতুন চিন্তাৰে আয়োজন কৰা হৈছে। কাইলৈৰ পৰা তিনিদিনীয়াকৈ অভিনন্দন থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব।

দেওবাৰে একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। ১ নৱেম্বৰত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ প্ৰীতি কলিতা আৰু সৌৰভ ৰাজৰ গীতৰ শৰাই। উদযাপন সমিতিয়ে ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে ।

গাৰামদেউত লক্ষ্মী পূজাৰ আয়োজন
এদিনীয়া কাৰ্য্যসূচীৰে ডিমাহাচাওত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in