/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f277548b-4b13-45a8-a857-507a4eef3f66/tamulpur 15.jpg)
কুমাৰীকাটাত চোৰাং কাঠৰ বেহা বন বিষয়া কৰ্মচাৰীৰঃ ৰাইজে জব্দ কৰিলে কাঠ ভৰ্তি বাহন...
ডিজিটেল সংবাদ তামুলপুৰঃ চোৰাং কাঠ সৰবৰাহীৰ পৰা বন বিভাগে জব্দ কৰা কাঠ বন বিভাগৰে একাংশ কৰ্মচাৰীয়ে বিক্ৰী কৰাক কেন্দ্ৰ কৰি আজি তামুলপুৰৰ কুমাৰীকাটাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। এই কাৰ্যত জড়িত অসৎ বন বিভাগৰ বিষয়া, কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰেই শাস্তিমূলক ব্যৱস্থাৰ দাবীৰে স্থানীয় ৰাইজে পথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰে। পৰিস্থিতি এনে পৰ্যায় পাইগৰৈ যে, স্থানীয় ৰাইজৰ সৈতে আৰক্ষীৰ হতাহতিও হয়।
অভিযোগ অনুসৰি আজি কুমাৰীকাটাত বন বিভাগে জব্দ কৰা চোৰাং কাঠ বন বিভাগৰে এখন বাহনত উঠাই বিক্ৰীৰ বাবে চেষ্টা কৰিছিল বন বিভাগৰ লোকে। এই কথা গম পাই স্থানীয় ৰাইজে বন বিভাগৰ ৩ কৰ্মাচাৰীৰ সৈতে কাঠ ভৰ্তি এএছ ২৮ ৫৪২৪ নম্বৰৰ বাহনখন জব্দ কৰে। ইয়াৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/be9626a0-613c-4c89-83ab-16e0b75f22ec/7ef86a98-5f2a-4c10-8285-b96bf5637101.jpg)
এই সমগ্ৰ অপকৰ্মৰ সৈতে বন বিষয়া বীৰেন বড়ো জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজে। সেয়ে ৰাইজে বন বিষয়া বীৰেন বড়োক গ্ৰেপ্তাৰৰ দাবীৰে কাঠ ভৰ্তি বাহনখন জব্দ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পথ অবৰোধো কৰে।
ইফালে এই ঘটনাৰ পাছতে সেই স্থানত আহি উপস্থিত হোৱা কুমাৰীকাটা আৰক্ষীয়ে বাহনখন সেই স্থানৰ পৰা লৈ যাবলৈ লোৱাক কেন্দ্ৰ কৰিও স্থানীয় ৰাইজে পৰিস্থিতি উত্তাল কৰি তোলে। আৰক্ষীৰ দলটোৰে স্থানীয় ৰাইজৰ হতাহতিও হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3b115286-7a47-408d-9f6b-688362fdfadb/483e265d-e256-4b70-8ef0-1b1ee59f0527.jpg)
এনে পৰিস্থিতিত জিলাখনৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সমান্তৰালকৈ এই ঘটনাৰ পাছতে সেই স্থানত উপস্থিত হয় অতিৰিক্ত জিলা আয়ুক্ত হিতেশ বড়ো।
এই দুই বিষয়াৰ ওচৰত উত্তেজিত ৰাইজে ৰেঞ্জাৰ বীৰেন বড়োক শীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী কৰে। উত্তেজিত ৰাইজে কুমাৰীকাটাত থকা বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখতো অনুৰূপ পৰিস্থিতিৰ সূচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7f0e30c3-f4e4-4e20-b04a-4b7f763a7649/d934c139-54f2-408e-a2b8-4898a3a0248c.jpg)
ৰাইজৰ অভিযোগ কুমাৰীকাটাতেই নহয় সমগ্ৰ জিলাখনতেই বন বিভাগৰ বহু সংখ্যক কৰ্মচাৰী এনে দুষ্কাৰ্যত লিপ্ত হৈছে। এই দুষ্কাৰ্যৰ নেতৃত্ব দিছে বন বিষয়া বীৰেন বড়োকে ধৰি একাংশ বিষয়াই। ইয়াত সম্পূৰ্ণ সহযোগ কৰিছে বাক্সা আৰু তামুলপুৰ জিলাৰ ডি এফ অ’ গৰাকীয়ে।
সেয়ে স্থানীয় ৰাইজে বন বিষয়া বীৰেন বড়ো আৰু বন বিভাগৰ বিষয়ে কুমাৰীকাটা আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে। ৰাইজে শীঘ্ৰেই পলাতক অৱস্থাত থকা বন বিষয়া বীৰেন বড়ো আৰু এই অপকৰ্মত লিপ্ত থকা প্ৰতিগৰাকী বিষয়া, কৰ্মচাৰীকে কঠোৰ শাস্তিৰ দাবী জনাইছে।
Also Read: লংকাত ব্ৰজপাতৰ ফলত মহিলাৰ মৃত্যু...