নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা অসীম চক্রৱৰ্তীৰ জামিন আবেদন নাকচ

ইন্দ্রাণী কাণ্ডত নাম সোঙাৰ খোৱা অসীম চক্রৱৰ্তীৰ জামিন আবেদন নাকচ গুৱাহাটীৰ CJM আদালতত।

author-image
Asomiya Pratidin
New Update
নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা অসীম চক্রৱৰ্তীৰ জামিন আবেদন নাকচ

ডিজিটেল ডেস্কঃ ইন্দ্রাণী কাণ্ডত নাম সাঙোৰ খোৱা অসীম চক্রৱৰ্তীৰ জামিন আবেদন নাকচ গুৱাহাটীৰ CJM আদালতত। বৃহস্পতিবাৰে আবেদনৰ শুনানি গ্রহণ কৰে আদালতে।

Advertisment

নিযুক্তি কেলেংকাৰীত গ্রেপ্তাৰ হৈছিল অসীম চক্রৱৰ্তী। আজি কেচ ডায়েৰী দাখিল নহ’ল আদালতত। সেয়ে আদালতে দিয়া নাই নিৰ্দেশনা। নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্রবক্তা আছিল অসীম চক্রৱৰ্তী।

নিযুক্তি কেলেংকাৰীত গ্রেপ্তাৰ হৈছিল অসীমজ্যোতি। ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যা প্রসংগত নাম সাঙোৰ খাইছিল অসীমজ্যোতিৰ। অভিযোগ অনুসৰি চাকৰি দিয়া নামত প্ৰাৰ্থীৰ পৰা টকাৰ লেন-দেনত জড়িত আছে অসমীজ্যোতি।

Also Read: ১৮ ছেপ্টেম্বৰৰ পৰা লোকসভাৰ বিশেষ বৈঠক