কোকৰাঝাৰ প্ৰেছ ক্লাৱত শিশু সুৰক্ষা শীৰ্ষক কৰ্মশালাঃ ১৮ বছৰৰ পূৰ্বেই জিলাখনত বিয়া হয় ৩৬ শতাংশ ছোৱালী...

কোকৰাঝাৰ প্ৰেছ ক্লাৱত শিশু সুৰক্ষা শীৰ্ষক কৰ্মশালাঃ ১৮ বছৰৰ পূৰ্বেই জিলাখনত বিয়া হয় ৩৬ শতাংশ ছোৱালী...
কোকৰাঝাৰ প্ৰেছ ক্লাৱত শিশু সুৰক্ষা শীৰ্ষক কৰ্মশালাঃ ১৮ বছৰৰ পূৰ্বেই জিলাখনত বিয়া হয় ৩৬ শতাংশ ছোৱালী...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত আজি বি টি আৰ’ ৰ শিশু সুৰক্ষা শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজিত হোৱা উক্ত কৰ্মশালাত প্ৰায় ৪০জন সংবাদকৰ্মী উপস্থিত থাকে ।

সমল ব্যক্তি হিচাপে কোকৰাঝাৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, জ্যেষ্ঠ অধিবক্তা বিজন মহাজন, জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, চি ডাব্লিউ চি কামৰূপ মেট্ৰোৰ অধ্যক্ষ জিতু দত্তৰ লগতে আন কেইবাগৰাকী শিশু অধীকাৰ কৰ্মী উপস্থিত থাকে ৷

প্ৰায় দুকুৰি সংবাদ কৰ্মী উপস্থিত থকা কৰ্মশালাত বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু অধিকাৰ আৰু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত আমন্ত্ৰিত অতিথি তথা সমল ব্যক্তিসকলে বক্তব্য আগবঢ়ায়৷ কৰ্মশালাত গুৱাহাটী উচ্চ ন্যালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে বাল্য বিবাহৰ ঘটনা ৰাজ্যৰ অন্য প্ৰান্ততকৈ দুৰ্ভাগ্যজনক ভাৱে কোকৰাঝাৰ জিলাত অধিক বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে ২০০৬ চনত Prohibition of Child Marriage Act প্ৰনয়ণ কৰা হৈছিল যদিও বাল্য বিবাহৰ প্ৰথা আজিও চলি আছে বুলি মন্তব্য কৰে।

কোকৰাঝাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে, বাল্যবিবাহৰ বলি হোৱা লোকসকলে নিজকে ভুক্তভোগী বুলি অনুভৱ নকৰে। তেওঁ কয় যে, আৰম্ভণিৰে পৰাই ছোৱালী সন্তানক পৰিয়ালৰ ওপৰত নিৰ্ভৰশীল কৰি তোলা হয়। প্ৰথম অৱস্থাত পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰশীল আৰু বিয়াৰ পিছত স্বামীৰ ওপৰত নিৰ্ভৰশীল।

ছোৱালীসকলৰ আৰ্থিক স্বাধীনতাই বাল্যবিবাহৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে বুলি আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে সিঙে মন্তব্য কৰে । জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে নিজৰ চমু ভাষণত কয় যে, বাল্যবিবাহ অন্যতম গুৰুতৰ বিষয় আৰু এই সমস্যা সমাধানৰ বাবে সংবাদ মাধ্যমে মুখ্য ভূমিকা ল’ব পাৰে। এইক্ষেত্ৰত সাংবাদিকৰ সহযোগিতা কামনা কৰিছে মৃণাল তালুকদাৰে ।

ইপিনে কোকৰাঝাৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই নিজ ভাষণত কয় যে, দেশৰ আন জিলাসমূহৰ তুলনাত কোকৰাঝাৰ জিলাৰ আই এম আৰ আৰু এম এম আৰ শতকৰা হাৰ অধিক। এন এফ এইচ এছ ৫ৰ তথ্য উদ্ধৃতি দি আয়ুক্তগৰাকীয়ে কয় যে, জিলাখনত ১৮ বছৰ বয়স হোৱাৰ পূৰ্বেই ৩৬ শতাংশ ছোৱালীয়ে বিবাহপাশত আৱদ্ধ হয়।

চৰকাৰৰ ফ্লেগশ্বিপ অভিযান যেনে বেটি বচাও বেটি পঢ়াও, মিছন পূৰ্ণ শক্তি আদিৰ যোগেদি কিশোৰ-কিশোৰী আৰু জনসাধাৰণক বাল্যবিবাহ , শিশু সুৰক্ষাৰ কু-প্ৰভাৱৰ বিষয়ে সজাগ কৰাৰ বাবে জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে কোকৰাঝাৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই ।

উল্লেখ্য যে, কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সভানেত্ৰী মনালিছা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাত বি টি আৰ এলেকাৰ প্ৰায় দুকুৰি সাংবাদিকে অংশগ্ৰহণ কৰে।

কোকৰাঝাৰ প্ৰেছ ক্লাৱত শিশু সুৰক্ষা শীৰ্ষক কৰ্মশালাঃ ১৮ বছৰৰ পূৰ্বেই জিলাখনত বিয়া হয় ৩৬ শতাংশ ছোৱালী...
খবৰৰ মাজত সঁচাকৈয়ে হেৰাই নে খবৰ ! জোনমণি, সংগীতা, বাবুল আৰু ক'ত যে কিমান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in