কোকৰাঝাৰ আৰক্ষীৰ সফলতাঃ মাতৃ-কন্যাৰ হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ...

অসম -বংগ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰী জোঁৱাই মানৱ সাহাক

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰ আৰক্ষীৰ সফলতাঃ মাতৃ-কন্যাৰ হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ শান্তিনগৰৰ তিনি নং ৱাৰ্ডত বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা মাতৃ-কন্যাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ হত্যাকাৰীক আজি কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। হত্যাকাৰীটোক মানৱ সাহা বুলি আৰক্ষীয়ে সদৰি কৰিছে।

Advertisment

উল্লেখ্য যে বৃহস্পতিবাৰে জোঁৱায়েক মানৱ সাহাই শাহুয়েক কল্পনা মল্লিক ওৰফে আশা(৬০) আৰু কল্পনা মল্লিকৰ কন্যা দ্বীপশিখা মল্লিক(৩৫)ক অতি নৃশংসভাৱে হত্যা কৰি পলায়ন কৰিছিল। হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(অপৰাধ) পৃথ্বিৰাজ ৰাজখোৱাৰ নেৰ্তৃত্বত অপৰাধীক ধৰিবলৈ জোৰ তদন্ত আৰম্ভ কৰে।

অৱশেষত আৰক্ষীয়ে আজি অসম বংগ সীমান্তৰ পৰা হত্যাকাৰী মানৱ সাহাক আটক কৰি কোকৰাঝাৰলৈ লৈ আহে। এই সন্দৰ্ভত আজি বিয়লি কোকৰাঝাৰ সদৰ থানাত এক সংবাদমেলৰ আয়োজন কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক(অপৰাধ) পৃথ্বিৰাজ ৰাজখোৱাই অসম -বংগ সীমান্তৰ পৰা হত্যাকাৰী মানৱ সাহা ওৰফে মিথুনক আটক কৰাৰ কথা সদৰি কৰে।

হত্যাকাৰী মানৱ সাহাই ইতিমধ্যে নিজ অপৰাধৰ কথা স্বীকাৰ কৰিছে বুলি সদৰি কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই পাৰিবাৰিক কন্দলৰ বাবেই মানৱ সাহাই শাহুয়েক কল্পনা মল্লিক আৰু নিজ পত্নীৰ জ্যেষ্ঠ ভগ্নী দ্বীপশিখা মল্লিকক হত্যা কৰিছিল বুলি সদৰি কৰে। তদুপৰি মানৱ সাহাই নিজ পত্নীকো হত্যা কৰাৰ উদ্দেশ্য আছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডৰ যাৱতীয় তথ্য-প্ৰমান লাভ কৰিছে আৰু উক্ত ঘটনা পৰিকল্পিত আছিল বুলি সদৰি কৰে। তদুপৰি উক্ত ঘটনাত আন কোনো তৃতীয় ব্যক্তি নাছিল বুলিও জানিবলৈ দিয়ে। সম্প্ৰতি অভিযুক্ত মানৱ সাহা কোকৰাঝাৰ আৰক্ষীৰ জিন্মাত আছে আৰু অধিক তথ্যৰ সন্ধানত হত্যাকাৰী মানৱ সাহাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে মানৱ সাহাই বৃহস্পতিবাৰে পুৱাই নিজৰ শাহুয়েক কল্পনা মল্লিক আৰু নিজ পত্লীৰ জ্যেষ্ঠ ভগ্নী দ্বীপশিখা মল্লিকক চোকা অস্ত্ৰৰে হানি খুচি অতি নৃশংসভাৱে হত্যা কৰিছিল। পত্নীকো হত্যা কৰাৰ উদ্দেশ্য আছিল যদিও দৈব্যক্ৰমে মানৱ সাহাৰ পত্নী দেৱীকা মল্লিক ওৰফে পায়েল আৰু ল'ৰা-ছোৱালীহাল ৰক্ষা পৰিছিল।

উক্ত ঘটনাটোৱে কোকৰাঝাৰত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু কোকৰাঝাৰ আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাটো আৰক্ষীৰ সফলতা বুলি বিবেচিত হৈছে ।

Also Read: BTR ৰ কোচৰাজবংশীৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ ৮ দফীয়া স্মাৰক পত্ৰ...

কোকৰাঝাৰ অপৰাধ অসম আৰক্ষী