Advertisment

টকাৰ লেনদেন, মোবাইলৰ বাবে নৃশংসভাৱে হত্যা এজনক, গ্ৰেপ্তাৰ ৩ জন

কোকৰাঝাৰত গেৰেমছা নাৰ্জাৰী নামৰ যুৱকজনৰ হত্যাকাণ্ডত জড়িত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ।

author-image
Asomiya Pratidin
New Update
টকাৰ লেনদেন, মোবাইলৰ বাবে নৃশংসভাৱে হত্যা এজনক, গ্ৰেপ্তাৰ ৩ জন

মূল অভিযুক্ত

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত গেৰেমছা নাৰ্জাৰী নামৰ যুৱকজনৰ হত্যাকাণ্ডত জড়িত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। সংবাদমাধ্যমৰ আগত এই কথা সদৰি কৰিলে অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই ।

Advertisment

হত্যাকাণ্ডৰ মূল অভিযুক্ত হ'ল পৃথিৱীৰাজ নাৰ্জাৰী (১৯)। তেওঁৰ ঘৰ কোকৰাঝাৰ সদৰ চহৰৰ বড়ো ভাতাৰমাৰীত। আন দুগৰাকী অভিযুক্ত নাবালক বুলি প্ৰকাশ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ।

আৰক্ষীয়ে জনোৱা অনুসৰি ব্যক্তিগত কাৰণ,মোবাইল আৰু টকা -পইচাৰ লেনদেনক লৈ সংঘটিত হৈছিল হত্যাকাণ্ডটো। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰু দুই এদিনতে প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি আৰক্ষীয়ে কয়।

উল্লেখ্য যে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এক গোচৰ (নং ৪২৯/২০২৩) ৰজু হৈছে । ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 129(B)/302/379 মৰ্মে গোচৰ ৰজু হৈছে । অভিযুক্তক আজি আদালতত হাজিৰ কৰাই জিন্মাত বিচাৰিব আৰক্ষীয়ে ।

উল্লেখ্য যে শনিবাৰে কোকৰাঝাৰৰ মাগুৰমাৰী চাহবাগানৰ এটা নলাৰ পৰা কোকৰাঝাৰৰ সদৰ চহৰৰ ৰূপাথী নগৰৰ তিনি নং ৱাৰ্ডৰ বাসিন্দা গেৰেমছা নাৰ্জাৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল । ৩ দিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পাছত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ। ইয়াৰ এদিন পাছতে গ্ৰেপ্তাৰ হয় ৩ অভিযুক্ত।

Also Read: ভাস্কৰ জ্যোতি ভূঞালৈ "ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা"

Assam police crime