ভাস্কৰ জ্যোতি ভূঞালৈ "ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা"

ভাস্কৰ জ্যোতি ভূঞালৈ "ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা"

author-image
Asomiya Pratidin
New Update
ভাস্কৰ জ্যোতি ভূঞালৈ  "ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা"

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ বিগত ১৯ বছৰ ধৰি নিষ্ঠা, সততা আৰু আপোচবিহীন ভাবে একেই ধাৰাৰে বলিষ্ঠ ভাৱে সংবাদ সেৱা আগবঢ়াই অহা "অসমীয়া প্ৰতিদিন" কাকতৰ ছয়দুৱাৰৰ নিৰ্ভীক সাংবাদিক ভাস্কৰ জ্যোতি ভূঞালৈ বিশেষ বঁটা। অসম ভিত্তিত "ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা" প্ৰদান কৰা হয় সাংবাদিকগৰাকীক।

Advertisment

সদৌ অসম সাংবাদিক সন্থা(আজু)ই কেন্দ্ৰীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংবাদিকতা বঁটা প্ৰতিযোগিতাত ভাস্কৰ জ্যোতি ভূঞাক দেওবাৰে আনুষ্ঠানিকভাবে এই বঁটা প্ৰদান কৰা হয়।সদৌ অসম সাংবাদিক সন্থাৰ বৰপেটাৰ সৰ্থেবাৰীত অনুষ্ঠিত হোৱা একাদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত আজি এই সন্মান তেওঁক ৰাজহুৱা ভাৱে প্ৰদান কৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড: দীনেশ বৈশ্যই।

গাম্ভীর্যপূর্ণ এই বঁটা প্ৰদান অনুষ্ঠানটোত দৈনিক অসম কাকতৰ সম্পাদক ড: হিতেশ ডেকা,গৱেষক-বুৰঞ্জীবিদ ড: মাধুৰ্য্যমণ্ডিত বৰুৱা উপস্থিত থাকে।এই বঁটাত আছে এখন ফুলাম গামোচা, এখন মান পত্ৰ,এখন শৰাই,এটা জাপি আৰু নগদ ধন।

Also Read: চিত্ৰশিল্পী চম্পক বৰবৰালৈ ২০২৩ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা...

award