নিশা ঘৰৰ পৰা কিশোৰীক উঠাই নিলে দুৰ্বৃত্তই, পুৱা উদ্ধাৰ হাত-ধৰি বন্ধা অৱস্থাত

নিশা ঘৰৰ পৰা কিশোৰীক উঠাই নিলে দুৰ্বৃত্তই, পুৱা উদ্ধাৰ হাত-ধৰি বন্ধা অৱস্থাত

author-image
Asomiya Pratidin
New Update
নিশা ঘৰৰ পৰা কিশোৰীক উঠাই নিলে দুৰ্বৃত্তই, পুৱা উদ্ধাৰ হাত-ধৰি বন্ধা অৱস্থাত

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত নয়াছৰাৰ চতুৰ্থখণ্ড গাঁৱত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে পুৱা স্থানীয় ৰাইজে পথাৰৰ পৰা হাত- ভৰি বন্ধা আৰু মুখত সোপা দিয়া অৱস্থাত এগৰাকী কিশোৰীক উদ্ধাৰ কৰে।

Advertisment

অতি মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা কিশোৰীগৰাকীৰ বিষয়ে স্থানীয় ৰাইজে ছালাকাটি আৰক্ষীক অৱগত কৰে আৰু পিছত আৰক্ষীয়ে তৎকালিনভাৱে উদ্ধাৰ কৰি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

প্ৰাপ্ত বাতৰি মতে বুধবাৰে নিশা দুইমান বজাত চাৰি-পাঁচজনীয়া দুৰ্বৃত্তৰ এটা দলে কিশোৰীগৰাকীক ঘৰৰ পৰা উঠাই আনে । তাৰপাছত দলবদ্ধ নিৰ্যাতন চলাই ৰাজপথত পেলাই থৈ যায়। দৈব্যক্ৰমে ৰক্ষা পৰা কিশোৰীগৰাকীক হত্যাৰ প্ৰচেষ্ঠা চলোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে । একাংশই কিশোৰীগৰাকী যৌন নিৰ্যাতন চলোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

ইপিনে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই সদৰি কৰা মতে ঘটনা সন্দৰ্ভত তদন্ত চলি আছে আৰু ঘটনাৰে জড়িতৰ সন্দেহত এজনক আটক কৰা হৈছে । তেওঁ কয় তদন্ত সঠিক দিশত আগবাঢ়িছে আৰু অতি শীঘ্ৰেই সকলো দোষীক কৰায়ত্ব কৰা হ'ব ।

ইপিনে কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই কয় যে নাৱালিকা গৰাকীৰ ওপৰত যৌন নিৰ্যাতন হোৱা বুলি এতিয়াও কোনো প্ৰমান হোৱা নাই। যিহেতু নাৱালিকাগৰাকীৰ শাৰীৰিকভাৱে সুস্থ হৈ উঠা নাই আৰু ভালদৰে কথা কব পৰা অৱস্থাত নাই আৰু চিকিৎসকেও এই সন্দৰ্ভত একো কোৱা নাই সেয়ে এইমুহুৰ্তত যৌন নিৰ্যাতনৰ বলি হোৱা বুলি কব নোৱাৰি । তদন্তৰ পিছত সকলো কথা ওলাই পৰিব বুলি মন্তব্য কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই ।

ইপিনে উক্ত ঘটনাটোৱে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু জিলাখনত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে ৰাইজে । অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নাবালিকাগৰাকীৰ পৰিয়ালে দাবী উত্থাপন কৰিছে ।

Also Read: ধন দাবী কৰি ৰাইজৰ ৰোষত ২ ভুৱা আলফা : উদ্ধাৰ মৰণাস্ত্ৰ

Assam police