ধন দাবী কৰি ৰাইজৰ ৰোষত ২ ভুৱা আলফা : উদ্ধাৰ মৰণাস্ত্ৰ

ধন দাবী কৰি ৰাইজৰ ৰোষত ২ ভুৱা আলফা : উদ্ধাৰ মৰণাস্ত্ৰ

author-image
Asomiya Pratidin
New Update
ধন দাবী কৰি ৰাইজৰ ৰোষত ২ ভুৱা আলফা : উদ্ধাৰ মৰণাস্ত্ৰ

ডিজিটেল সংবাদ, ওৰাং: ঢেকিয়াজুলিৰ পানবাৰী অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আলফাৰ নামত ধন দাবীৰ টকা নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল ২জন লোক। সমগ্ৰ দৃশ্য বন্দী হ'ল CC TV কেমেৰাত। দাৰে ঘপিয়ালে দাবী কৰা ধন নিবলৈ অহা ভূৱা আলফাক।

Advertisment

জানিব পৰা মতে, আলফাৰ নামত প্ৰায় এক সপ্তাহ পূৰ্বে ৭ লাখ টকা দাবী কৰিছিল ঢেকিয়াজুলিৰ পানবাৰীৰ দালং ৰিচজু নামৰ এজন লোকক। প্ৰথমে দুয়োজন ভূৱা আলফাৰ সৈতে হতাহতি লাগে দালং ৰিচজুৰ। বুধবাৰে দাবী কৰা ধন নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল ভুৱা আলফা দুজন।

আলফাৰ নামত পিষ্টল দেখুৱাই দাবী কৰা ধন নিবলৈ আহিছিল বলোৰাম বসুমতাৰী আৰু ডাজিয়া নাৰ্জাৰী নামৰ দুজন লোক। দালং ৰিচজু আলফাৰ নামত ধনদাবী কৰা দুয়োজনৰ আক্ৰমনত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। গণ প্ৰহাৰত আঘাতপ্ৰাপ্ত বলোৰাম বসুমতাৰী আৰু ডাজিয়া নাৰ্জাৰীক আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰায়। ধনদাবীত ব্যৱহাৰ কৰা এটা পিষ্টল, ৮জাই গুলী আৰু ২টা মেগজিন এটা মোবাইল ফোন আৰু এখন স্কুটি জব্দ কৰে আৰক্ষীয়ে।

আটকাধীন বলোৰাম বসুমতাৰীৰ ঘৰ ঢেকিয়াজুলিৰ ঘগড়া কছাৰী গাওঁত আৰু ডাজিয়া নাৰ্জাৰীৰ ঘৰ চিৰাং জিলাৰ ৰুনীখাটা থানা অন্তৰ্গত দই নম্বৰ শালমাৰী গাঁৱত। উক্ত ঘটনাটোৰ সৈতে আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: পুনৰ বিতৰ্কত ৰুদ্ৰকন্যা থিয়েটাৰ : নাটক প্ৰদৰ্শন কৰিব নোৱাৰি পলায়ন কৰ্তৃপক্ষৰ

fake ulfa