গৌৰাং নদীৰ পাৰত কোকৰাঝাৰ সাহিত্য উৎসৱ

জাপান, ম্যানমাৰ, থাইলেণ্ড, শ্ৰীলংকাসহ আঠখন বিদেশী ৰাষ্ট্ৰসহ দেশৰ বিভিন্ন প্ৰান্তৰ ১৮০ গৰাকী কবি সাহিত্যিকৰ অংশগ্ৰহণ
গৌৰাং নদীৰ পাৰত কোকৰাঝাৰ সাহিত্য উৎসৱ

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী গৌৰাং নদীৰ পাৰৰ বড়োফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত শনিবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অৰুণাচল বিধান সভাৰ অধ্যক্ষ পাছাং দৰ্জী সোণাই ৷

তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱত জাপান, ম্যানমাৰ, থাইলেণ্ড, শ্ৰীলংকা, ইষ্টনিয়া, কেনিয়া, বাংলাদেশ, ভূটানকে ধৰি ৮খন বিদেশী ৰাষ্ট্ৰৰ কবি-সাহিত্যিকৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ১৮০ গৰাকী সাহিত্যিকে অংশগ্ৰহণ কৰিছে ৷ উল্লেখ্য যে সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি ‘লিৰথুমলাই‘ নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰে অধ্যক্ষ পাছাং দৰ্জী সোণাই ৷

কোকৰাঝাৰ সাহিত্য উৎসৱত প্ৰথম দিনা কবিতা আবৃত্তি, কবি সন্মিলন, সন্ধিয়া মমবাতি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচী আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম,বিটিচি প্ৰধান প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য নিলুৎ স্বৰ্গীয়াৰী,আয়োজক সমিতিৰ সভাপতি অনিল বড়ো,বিধায়ক লৰেন্স ইছলাৰীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

আনহাতে আয়োজক সমিতিৰ উপ সভাপতি তথা বিশিষ্ট সাহিত্যিক গোবিন্দ বড়োই জানিবলৈ দিয়ামতে এইবাৰ তৃতীয় সংখ্যক সাহিত্য উৎসৱৰ মূল বিষয় বস্তু হৈছে “সীমাগৈয়ৗ ফৗচালী নাগিৰনানৗ থাগিবি সুবুংফৰনি ফৰমাইথি” অৰ্থাৎ “সীমাহীন দিগন্তৰ অন্বেষণ স্থানীয় কথোন” ৷ ২৯ জানুৱাৰীত নৈপৰীয়া সভ্যতাৰ সন্দৰ্ভত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব ৷ ইয়াৰ বিষয় বস্তু হ’ব 'Governance and sustainable management'।

উক্ত আলোচনা চক্ৰত ড° বীণা বিদ্যাধৰন, ইমানুৱেল মজিদ খান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অৱনী ভাগৱতীয়ে অংশগ্ৰহণ কৰিব ৷ এইবেলি পোন প্ৰথমবাৰৰ বাবে 'গৌৰাং সাহিত্য বঁটা' প্ৰদান কৰা হ’ব ৷ সাহিত্য উৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ বিশিষ্ট কবি সমীৰ তাঁতীয়ে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিৰ উপ-সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷

গৌৰাং নদীৰ পাৰত কোকৰাঝাৰ সাহিত্য উৎসৱ
কোকৰাঝাৰত অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী সোণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in