/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e34751ef-3970-4ce3-9976-a3f1dc2092a2/147.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী সোণাই শনিবাৰে বিটিআৰ বিধান পৰিষদীয় ভৱন আৰু বিটিআৰ সচিবালয় পৰিদৰ্শন কৰে ৷ বিটিআৰ বিধান পৰিষদীয় ভৱনৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য নীলুৎ স্বৰ্গিয়াৰী আৰু বিধায়ক লৰেন্স ইছলাৰীয়ে আৰণাই ফুলৰ থোপা চেৰজা,এড়ী বস্ত্ৰৰে পাছাং দৰ্জী সোণাক আদৰণি আৰু সম্বৰ্ধনা জনায়।
ইপিনে বিটিআৰ সচিবালয় পৰিদৰ্শন কৰি অভিভূত হৈ পৰে অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী সোণা । বিটিআৰ বিধান পৰিষদ ভৱন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম সুন্দৰ আৰু বিশাল বিধানসভা বুলি অভিহিত কৰি তেওঁ দ্বিতীয়বাৰলৈ বিটিআৰ লৈ আহিছে বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5aad6a96-fe04-42f1-9dfd-d16459951a0e/c3dea404_ce72_456c_a25b_53e833949030.jpg)
বিটিআৰ বিধান পৰিষদীয় ভৱনৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু বিষয়াৰ সতে তেওঁ এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয় অৰুণাচল প্ৰদেশ বিধান সভাৰ অধ্যক্ষগৰাকী ৷ উল্লেখ্য যে পাছাং দৰ্জী সোণাই আজি কোকৰাঝাৰ চান্দামাৰীত অনুষ্ঠিত হোৱা তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল ৷
Also Read: দুদিনীয়া ভ্ৰমণসূচীৰে কাছাৰ লৈ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়া