কোকৰাঝাৰ KV ৰ সুব্ৰত কাপ ফুটবলত অঘটনঃ পানীত পৰি ছাত্ৰৰ মৃত্যু...

কোকৰাঝাৰ KV ৰ সুব্ৰত কাপ ফুটবলত অঘটনঃ পানীত পৰি ছাত্ৰৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰ KV ৰ সুব্ৰত কাপ ফুটবলত অঘটনঃ পানীত পৰি ছাত্ৰৰ মৃত্যু...

কোকৰাঝাৰ KV ৰ সুব্ৰত কাপ ফুটবলত অঘটনঃ পানীত পৰি ছাত্ৰৰ মৃত্যু...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ কেন্দ্ৰীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত কে ভি (জি আৰ) আঞ্চলিক সুব্ৰত কাপ ফুটবল টুৰ্ণামেন্ট ২০২৩ ত অঘটন ৷ চৈধ্য বছৰৰ অনুৰ্ধৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ আহি এগৰাকী ছাত্ৰৰ মৃত্যু।

Advertisment

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অহা গুৱাহাটীৰ আমেৰিগোগ চিআৰপিএফ কেভিৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ডেভিড টেৰণৰ গা ধূবলৈ যোৱা সময়তে দ খাৱৈৰ গভীৰ পানীত পৰি অকাল মৃত্যু ঘটে। উল্লেখ্য যে, আজি দুপৰীয়া সুব্ৰত কাপ ফুটবল টুৰ্ণামেন্টৰ খেল চলি থকা অৱস্থাতে ডেভিড টেৰণে তিনি সতীৰ্থৰ সতে কোকৰাঝাৰ কেভিৰ নিলগৰ খাৱৈত গা ধুবলৈ গৈছিল ৷

ইয়াৰ মাজতে গা ধুই থাকোতে খাৱৈৰ গভীৰ পানীত ডুব যায় ৷ লগে লগে তিনি সতীৰ্থই দৌৰি আহি বিদ্যালয় কৰ্তৃপক্ষক খবৰ দিয়ে। কোকৰাঝাৰ কেভিৰ শিক্ষকৰ দল ঘটনাস্থলীত উপস্থিত হৈ খাৱৈৰ গভীৰ পানীৰ পৰা ডেভিড টেৰণক উদ্ধাৰ কৰি কোকৰাঝাৰ আৰ এন বি হাস্পতাললৈ লৈ আনে যদিও চিকিৎসকে ডেভিড টেৰণক মৃ্ত্যু বুলি ঘোষণা কৰে ৷

ইফালে খাৱৈৰ পৰা ছাত্ৰগৰাকীৰ পোছাক আৰু চেণ্ডেল উদ্ধাৰ কৰা হৈছে ৷উদ্বাৰ হোৱা ছাত্ৰ গৰাকীৰ মৃতদেহ সম্প্ৰতি কোকৰাঝাৰ আৰ এন বি হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে ৷ ঘটনাৰ খবৰ পোৱাৰ পিচতে গুবাহাটীৰ ছয়মাইলৰ নিবাসী ডেভিড টেৰণৰ পিতৃ-মাতৃ কোকৰাঝাৰ লৈ আহি আছে বুলি জানিব পৰা গৈছে ৷

Also Read: হায় অসমীয়া ! মেঘালয়ত ILP ৰ চৰ্চাঃ অসমত সাম্প্ৰদায়িকতাবাদৰ কথা...

কোকৰাঝাৰ