হায় অসমীয়া ! মেঘালয়ত ILP ৰ চৰ্চাঃ অসমত সাম্প্ৰদায়িকতাবাদৰ কথা...

হায় অসমীয়া ! মেঘালয়ত ILP ৰ চৰ্চাঃ অসমত সাম্প্ৰদায়িকতাবাদৰ কথা...
হায় অসমীয়া ! মেঘালয়ত ILP ৰ চৰ্চাঃ অসমত সাম্প্ৰদায়িকতাবাদৰ কথা...

তুষাৰ প্ৰতিম

অসমত কুলিৰ আগমণে ব'হাগ বিহুৰ বতৰা দিয়ে। বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চুপতিয়ে নিৰ্বাচনৰ খবৰ দিয়ে। কথাবোৰ এনেকৈয়ে আলোচনা হ'বলৈ আৰম্ভ কৰিছে।

সংখ্যালঘুক ভোটবেংক হিচাপে লৈ অসমত ৰাজনীতিৰ বেপাৰ মেলা বেপাৰী ৰাজনৈতি নেতা বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত শেহতীয়াকৈ পুনৰ আৰম্ভ হৈছে ৰাজনৈতিক চুপতি। এই চুপতি ইমানেই তৰল আৰু নিম্নখাপৰ যে, বদৰুদ্দিন আজমল নামৰ বেপাৰী ৰাজনৈতিক নেতাজনে সাম্প্ৰদায়িকতাবাদৰ চূড়ান্ত সীমা অতিক্ৰম কৰিলে।

তাৰ পাছতো এই পৰ্যন্ত আজমলৰ বিৰুদ্ধে গ্ৰহণ নকৰিলে কোনো কঠোৰ ব্যৱস্থা। একেদৰে সাংবিধানিক পদবীত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও যেন পাহৰি পেলালে নিজৰ সীমাবদ্ধতাৰ কথা।

নিৰ্বাচন আহিলেই বদৰুদ্দিন আজমল নামৰ এই নেতাজনে আত্মপ্ৰকাশ ঘটে। আত্মপ্ৰকাশ কৰিয়েই সাম্প্ৰদায়িক কথা বতৰাৰে সামাজিক পৰিৱেশ বিনস্ত কৰি ৰাজনৈতিক মুনাফা আদায়াৰ অংকত নামি পৰে।

সংবাদ মাধ্যমেও এই নেতাৰ সুশৃংখলিত সমাজ ব্যৱস্থাক ধ্বংস কৰিব পৰা কথা-বতৰাবোৰ প্ৰচাৰ কৰি তেওঁৰ উদ্দেশ্যক সফল কৰি তোলে। ২০২৪ ৰ লোকসভা নিৰ্বাচনক লৈ পুনৰ সমগ্ৰ দেশৰ লগতে অসমৰ ৰাজনীতিত চলিছে যোগ-বিয়োগৰ অংক।

বিজেপিক পৰাভূত কৰিবলৈ সকলো বিৰোধী ৰাজনৈতিক নেতা ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। অসমত ১১ টাকৈ বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈছে যদিও তেওঁলোকে বদৰুদ্দিন আজমল বাহিনীক তেওঁলোকৰ সৈতে চামিল কৰাৰ পৰা বিৰত আছে।

সৰ্বভাৰতীয় পৰ্যায়টো আজমলে লাভ কৰা নাই গুৰুত্ব। এনে প্ৰেক্ষাপটত আজমলৰ সান্দহ খোৱা বালি তল পৰাটো নিশ্চিত হৈছে। ইফালে এ আই ইউ ডি এফৰ বিৰুদ্ধে আছে আন এক অভিযোগ।

বিজিপিৰ শ্ৰুতলিপি অনুসৰি কাম কৰি আহিছে দলটোৱে। অৱশ্যে এই অভিযোগৰ সত্যাসত্যতা শেহতীয়াকৈ অসমত অনুষ্ঠিত হৈ যোৱা ৰাজ্যসভাৰ নিৰ্বাচনেই প্ৰমাণ কৰে।

আনহাতে বদৰুদ্দিন আজমল এণ্ড কোম্পানীয়ে যে সংখ্যালঘুৰ নামত কেৱল ভোটৰ ৰাজনীতিহে কৰিছে, সংখ্যালঘুৰ উন্নয়নৰ বাবে কোনো বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা নাই সেই কথা এই লোকসকলে বুজি উঠিছে। যাৰ বাবে ধুবুৰীৰ দৰে অঞ্চলত আজমলৰ সভাত জনসাধাৰণৰ উপস্থিতি আঙুলিৰ মূৰত লেখিব পৰাকৈ ৪০/৫০ জনতে সীমাবদ্ধ থাকিল।

এনে পৰিস্থিতিত আজমলে শেষ অস্ত্ৰ হিচাপে বাচি লৈছে সাম্প্ৰদায়িকতাবাদ। উনিয়ন চিভিল ক'ডৰ কথা উল্লেখ কৰি ইয়াৰ বিৰোধিতা কৰিবলৈ গৈ আজমলে সাম্প্ৰদায়িকতাবাদৰ সকলো সীমা অতিক্ৰম কৰিলে।

একেদৰে অসমীয়াৰ নতুন সংজ্ঞা নিৰূপণ কৰি আজমলে অসম আৰু মিঞা একত্ৰিত কৰি অসমীয়া কৰিলে। আজমলক প্ৰত্যুত্তৰ দিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মায়ো উজনিৰ ল'ৰাই তেওঁক সহযোগ কৰিলে মিঞাক চাফা কৰি দিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। আৰু এইবোৰ কথাই এতিয়া অসমৰ সংবাদ মাধ্যমৰ শীৰ্ষ স্থান অধিকাৰ কৰিছে।

যিসময়ত বানপানীয়ে নামনি অসমত সংহাৰ সৃষ্টি কৰিছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই জনসাধাৰণক মাধমাৰ দিছে সেই সময়ত ৰাজনৈতিক নেতাৰ এনে চুপতি গৰিহণাযোগ্যই নহয়, ঘৃণনীয়ও। কেৱল নিমখৰহে দায়িত্ব লোৱা যোগানমন্ত্ৰীয়ে কয় মূল্যবৃদ্ধি ৰোধ কৰাতো তেওঁৰ কাম নহয়।

কংগ্ৰেছ চৰকাৰৰ দিনত যদি কোনো মন্ত্ৰীয়ে আঢ়ৈ টকাত এসাজ ভাত খাব পাৰি বুলি কৈ জনতাক উপহাস কৰিছিল, ঠিকে একেদৰে বিজেপি চৰকাৰৰ দিনত মন্ত্ৰীয়ে কেৱল নিমখৰ দায়িত্ব লৈ জনসাধাৰণক মূল্যবৃদ্ধিৰ জুইত দহি মৰিবলৈ এৰি দিছে। বজাৰত যিমানেই মূল্যবৃদ্ধিৰ জুই জ্বলিছে সিমানেই সামাজিক মাধ্যমত মন্ত্ৰীয়ে নিজৰ শাৰীৰিক কচৰৎৰ ভিডিঅ', ফটো আপলোড কৰি সেই জুইত যেন ঘিঁউহে ঢালি দিছে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ চলি থকা বিতৰ্ক, মিঞাৰ প্ৰসংগ আদিৰে ৰাজনৈতিক চুপতিক অধিক প্ৰাণৱন্ত কৰি তুলিছে শাসকীয় পক্ষৰ একাংশ সাম্প্ৰদায়িক বিধায়ক, নেতাই। কাৰ ভাতৰ চৰুত কি ৰান্ধিব সেয়াও এতিয়া তেওঁলোকেহে নিৰ্ধাৰণ কৰি দিব!

লখিমপুৰৰ পৰা গৈ চয়ন দত্ত নামৰ অসমীয়া বিজ্ঞানীজনে চন্দ্ৰযান-৩ ৰ গুৰুত্বপূৰ্ণ নেতৃত্ব লৈছে। এই খবৰ বহুল ভাৱে প্ৰচাৰ হ'ব লাগিছিল। চয়ন দত্তক আদৰ্শ হিচাপে ল'বলৈ তৰুণ প্ৰজন্মক উৎসাহিত কৰিব লাগিছিল।

কিন্তু সেই কাম কৰে কোনে? কোন ৰাজনৈতিক নেতাই চয়ন দত্তৰ দৰে আৰু ১০ জন অসমীয়া বিজ্ঞানী সৃষ্টিৰ কথা কৈছে? কৈছে কেৱল সমাজ বিশৃংখল কৰিব পৰা কথা। চুবুৰীয়া মণিপুৰ জ্বলি শেষ হৈ গ'ল। তাৰ পৰা শিক্ষা কোনে ল'লে?

অসমত এতিয়া মণিপুৰৰ দৰেই অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰি তাত আহুতি দিবলৈ হে যেন সাজু আমাৰ তথাকথিত নেতা। সৌ সিদিনা অসম লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। এইবাৰ লোকসেৱা আয়োগৰ প্ৰশ্ন কাকতখন কেৱল ইংৰাজী ভাষাতহে প্ৰস্তুত কৰা হ'ল।

জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰা বিতাৰিত কৰিলে অসমীয়া ভাষা। এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া কাকতখন প্ৰত্যাহাৰ কৰাৰ পাছত এইবাৰ প্ৰশ্ন কাকতৰ পৰাও বাদ দিয়া হ'ল অসমীয়া ভাষা।

এই একেখন চৰকাৰেই আকৌ প্ৰাথমিক বিদ্যালয়ৰ পৰাই অংক, বিজ্ঞান অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী ভাষাতহে অধ্যয়ন কৰাৰ ব্যৱস্থা কৰিলে। কিছু দিনৰ আগতে ৰাজ্যত চিকিৎসা বিজ্ঞানৰ শিক্ষা অসমীয়া ভাষাত অধ্যয়নৰ বাবে প্ৰস্তুতি চলোৱা, চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অসমীয়াত প্ৰস্তুত কৰিবলৈ শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক দায়িত্ব দিয়াৰ কথা ৰাজহুৱৈ ঘোষণা কৰা কথাবোৰ যে একো একোটা ৰাজনৈতিক ভণ্ডামিহে আছিল সেয়া এইবোৰ কথাই প্ৰমাণ নকেৰেনে?

সংশোধিত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই নতুন শিক্ষানীতিয়ে আঞ্চলিক ভাষাক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহে আঞ্চলিক ভাষাৰ গুৰুত্বৰ ওপৰত বৰ বৰ ভাষণ দিছে। অথচ অসম চৰকাৰে তাৰ সম্পূৰ্ণ বিপৰীত স্থিতিলৈছে।

চুবুৰীয়া মেঘালয়ত বিজেপিৰ সহযোগত চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হোৱা কনৰাড চাংমাই ৰাজ্যখনত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিল্লীত হেঁচা দিবলৈ প্ৰস্তুতি চলাইছে। কেবিনেটত ইতিমধ্যে এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰি সংসদৰ শীতকালিন অধিৱেশনৰ সময়তে প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ কৰিব।

ইয়াৰোপৰি ৰাজ্যখনৰ খাছী আৰু গাৰো ভাষাৰ সাংবিধানিক স্বীকৃতিৰো দাবী উত্থাপন কৰিছে। এইগৰাকী কনৰাড চাংমাই কা আন্দোলনৰ সময়ত বিজেপিৰ মঞ্চতেই কাৰ বিৰোধিতা কৰি মেঘালয়ক কাৰ আওতাৰ পৰা আঁতৰাই ৰাখিবলৈ দাবী কৰিছিল।

চুবুৰীয়া মেঘালয়ত কনৰাড চাংমাৰ এই তৎপৰতাৰ বিপৰীতে অসমত এতিয়া চলিছে কেৱল সাম্প্ৰদায়িক কথাবতৰাৰে মুখ চুপতি। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ আদি বিষয়বোৰত কোনে গুৰুত্ব দিয়ে? এতিয়া যে নিৰ্বাচনৰ সময়। এয়াই অসম আৰু অসমীয়াৰ বিড়ম্বনা।

হায় অসমীয়া ! মেঘালয়ত ILP ৰ চৰ্চাঃ অসমত সাম্প্ৰদায়িকতাবাদৰ কথা...
ভূতৰ মুখত ৰাম নামঃ আজমলে দিলে ভাতৃত্ববোধৰ বাণী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in