পুৱা দৌৰিবলৈ অহা যুৱকক অস্ত্ৰধাৰী যুৱকৰ আক্ৰমণঃ শূন্যলৈ গুলীচালনা...

পুৱা দৌৰিবলৈ অহা যুৱকক অস্ত্ৰধাৰী যুৱকৰ আক্ৰমণঃ শূন্যলৈ গুলীচালনা...
পুৱা দৌৰিবলৈ অহা যুৱকক অস্ত্ৰধাৰী যুৱকৰ আক্ৰমণঃ শূন্যলৈ গুলীচালনা...

ডিজিটেল সংবাগ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সীমামুৰীয়া শশাৰগাঁৱত দুৰ্ষ্কৃতিকাৰীৰ শূন্যলৈ গুলীচালনা । ফুটকিবাৰী গাঁও পঞ্চায়তৰ শশাৰগাঁও প্ৰথমখণ্ডত আজি পুৱাই অচিনাক্ত দুৰ্ষ্কৃতিকাৰীৰ শূন্যলৈ গুলীচালনা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে ।

উল্লেখ্য যে এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা স্থানৰ পৰা কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীবেশ ৰায়ৰ বাসগৃহৰ মাজত মাত্ৰ ১০০ মিটাৰৰ দূৰত্ব। জানিব পৰা মতে শূন্যলৈ গুলীচালনা কৰা দুৰ্বৃত্তৰ দলটো জীবেশ ৰায়ৰ ঘৰৰ অভিমুখে যাওঁতেই অস্ত্ৰধাৰীৰ দলটোৰ মুখামুখী হয় নিৰীহ যুৱক নন্দন নাথ (২০)।

পুৱাই দৌৰিবলৈ উঠা নন্দন নাথে ইমান ৰাতিপুৱাই তিনিজনীয়া দলটোক দেখি ক'ত যায় বুলি প্ৰশ্ন সুধোতেই খঙত অগ্নিশৰ্মা হৈ উঠে তিনিজনীয়া অস্ত্ৰধাৰীৰ দলটো। তেওঁলোকে নিৰীহ যুৱক নন্দন নাথক পিষ্টলৰ কুন্দাৰে মূৰ , পিঠি, মুখত প্ৰহাৰ ।

পিষ্টলেৰে খুন্দিয়াই দাঁত ভাঙি দিয়ে নন্দন নাথৰ। এইদৰে অস্ত্ৰধাৰী দলটোৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয়। ইফালে দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নন্দন নাথে সহায়ৰ বাবে চিঞঁৰিবলৈ আৰম্ভ কৰে। নন্দনৰ চিঞঁৰত ওলাই আহে গাওঁবাসী।

ইয়াৰ পাছতে দুৰ্বৃত্তৰ দলটোৱে শূন্যলৈ গুলীচালনা কৰে আৰু সেই স্থানৰ পৰা আঁতৰি যায়। এই ঘটনাৰ পাছতে সমগ্ৰ গাওঁখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। দুৰ্বৃত্তৰ দলটো আঁতৰি যোৱাৰ পাছতে নন্দন নাথক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলী উপস্থিত হয় মহকুমা আৰক্ষী বিষয়া উপস্থিত হয় আৰু ঘটনাস্থলী পৰিদৰ্শন কৰে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে এটা খালী কাৰ্টিজ। চৰ্চা চলিছে দুৰ্বৃত্তৰ দলটোৰ লক্ষ্য আছিল কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায়।

পুৱা দৌৰিবলৈ অহা যুৱকক অস্ত্ৰধাৰী যুৱকৰ আক্ৰমণঃ শূন্যলৈ গুলীচালনা...
আজি বিশ্ব হস্তী দিৱসঃ চাওঁক আজিৰ তাৰিখত অসমত কিমান হাতী আছে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in