
ডিজিটেল সংবাদ চিৰাং: আজি চিৰাং জিলাৰ কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতে ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত মাটকা মাৰ্ডী নামৰ এজন যুৱকক আজীৱন কাৰাবাসৰ লগতে পঞ্চাশ হেজাৰ টকাৰ জৰিমনাৰ ৰায়দান কৰে। কাজলগাঁও সত্ৰ ন্যায়াধীশৰ আদালতৰ চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে ২০২০ চনত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা থানাৰ অন্তৰ্গত দেউশ্ৰী গাঁৱত মাইকা মাৰ্ডী নামৰ যুৱক জনে দুই বন্ধুৰ সহযোগত নিশা একে গাঁৱৰে এগৰাকী যুৱতীক ঘৰৰ পৰা অপহৰণ কৰি নিছিল।
পৰবৰ্তী সময়ত যুৱতীগৰাকীক ধৰ্ষণ কৰি প্ৰমাণ নষ্ট কৰাৰ বাৱে কুঠাৰ আৰু খুকুৰীৰে নৃশংস ভাৱে হত্যা কৰি জঙ্ঘলত লুকুৱাই ৰাখিছিল।এই সন্দৰ্ভত ৰুণীখাতা আৰক্ষী থানাত ২৭/২০২০ গোচৰত পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৭৬/২০১ ধাৰাৰ অধীনত তদন্ত মূখ্য অভিযুক্ত মাটকা মাৰ্ডীসহ দুই সহযোগী মাডাম বেৰছা আৰু পুচু বাস্কেক গ্ৰেপ্তাৰ কৰিছিল ।
সেইমতে ৰুণীখাতা থানাৰ আৰক্ষীয়ে আদালতত দাখিল কৰা অভিযোগনামাৰ ভিত্তিত কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। তিনিবছৰত কৈ অধিক সময় বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি বিচাৰপতি চি. চতুৰ্বেদীৰ আদালতে মুখ্য অভিযুক্ত মাটকা মাৰ্ডীক আজীৱন কাৰাবাস দিয়াৰ লগতে পঞ্চাশ হেজাৰ টকা জৰিমনাৰ ৰায়দান কৰে।
জৰিমনাৰ পঞ্চাশ হেজাৰ টকা অনাদায়ে অতিৰিক্ত পাঁচ বছৰ কাৰাবাসৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, আজি উক্ত গোচৰত উপযুক্ত প্ৰমাণৰ অভাৱত অন্য দুই অভিযুক্ত মাডাম বেৰছা আৰু পুচু বাস্কেক আদালতে দোষমুক্ত ঘোষণা কৰে।
আজি কাজলগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতৰ এই ৰায়দানে আমাৰ সমাজত চলি থকা নাৰীক যৌন নিৰ্যাতন, হত্যাৰ দৰে অপৰাধ সংঘটিত অপৰাধীসকলক আমাৰ দেশৰ ন্যায় ব্যৱস্থাই কোনো ৰেহাই নিদিয়ে তাৰ এক কঠোৰ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিব বুলি চৰকাৰী অধিবক্তা গৰাকীয়ে দাবী কৰে ।