FEDESAA ৰ উদ্যোগত ৫৬ সংখ্যক অভিযন্তা দিৱস উদযাপন...

FEDESAA ৰ উদ্যোত ৫৬ সংখ্যক অভিযন্তা দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
FEDESAA ৰ উদ্যোগত ৫৬ সংখ্যক অভিযন্তা দিৱস উদযাপন...

FEDESAA ৰ উদ্যোত ৫৬ সংখ্যক অভিযন্তা দিৱস উদযাপন...

ডিজিটেল ডেস্কঃ ফেডাৰেশ্যন অফ ইঞ্জিনিয়াৰিং চাৰ্ভিছ এছ'চিয়েশ্যন অফ আছামৰ উদ্যোগত শুকুৰবাৰে জলসিঞ্চন বিভাগৰ সভাগৃহত অনুষ্ঠিত হৈ যায় অভিযন্তা দিৱসৰ কাৰ্যসূচী। অসমৰ কাৰিকৰী বিভাগীয় সংস্থা সমূহৰ উমৈহতীয়া সংঘ FEDESAA ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক অভিযন্তা দিৱসৰ কাৰ্যসূচী পুৱা ১০-৪৫ বজাৰ পৰা আৰম্ভ হয়।

Advertisment

অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা দিলীপ ডেকাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই অভিযন্তা দিৱসৰ কাৰ্যসূচীত মুখ্য বক্তা হিচাপে উপস্থিত থাকে জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত তথা সচিব অনুপ কুমাৰ মিত্ৰ। অনুষ্ঠানটোৰ আঁত ধৰে আছাম ইঞ্জিনিয়াৰিং চাৰ্ভিছ এছ'চিয়েশ্যনক যুটীয়া সম্পদক মৃণ্ময় চৌধুৰীয়ে। আনহাতে এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জল সম্পদ, জলসিঞ্চন আদি বিভাগসমূহৰ অভিযন্তাসকল।

উল্লেখ্য, ভাৰতবৰ্ষৰ অভিযান্ত্ৰিক ক্ষেত্ৰখনৰ পিতৃ স্বৰূপ "চাৰ মোকসাগোন্দম্ ৱিচ্ছেছৰীয়া"ৰ জন্ম দিৱস উপলক্ষে প্ৰতি বছৰে ১৫ ছেপ্টেম্বৰ দিনটো অভিযন্তা দিৱস হিচাবে পালন কৰি অহা হৈছে। এইবছৰ এই দিৱসৰ বিষয় বস্তু হৈছে 'এক বহনক্ষম ভৱিষ্যতৰ বাবে অভিযান্ত্ৰিক'।

Also Read: আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা...

অভিযন্তা দিৱস