/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/659219fd-b5a5-412f-aa6d-a8d4aeef878d/88.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ উদমাৰী গাঁও নিৱাসী মেধাৱী ছাত্ৰী জ্যোতিৰূপা নাথৰ সাফল্যই অঞ্চলটোত আনন্দৰ বন্যা বৈছে। তেওঁ হৈছে অৱসৰপ্ৰাপ্ত কেৰাণী জয়ন্ত কুমাৰ নাথ আৰু হিমানী নাথৰ কন্যা। অনগ্ৰসৰ অঞ্চলটোত প্ৰথমবাৰৰ বাবে অসম আৰক্ষী সেৱাত ৪৪ সংখ্যক স্থানেৰে উজলি উঠা জ্যোতিৰূপা নাথৰ ঘৰলৈ এতিয়া শুভাকাংক্ষীৰ সোঁত বৈছে।
উল্লেখ্য যে লক্ষ্মীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা জ্যোতিৰূপা নাথে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । ইয়াৰ পিছতে কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকত্তোৰ ডিগ্ৰী লাভ কৰিছিল জ্যোতিৰূপাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/90d89bc5-aff0-4f2a-b9e8-3661127ab6ec/9ad1af1c_670f_409d_ad97_89b69f183d2c.jpg)
স্নাতকত্তোৰৰ পিছত শ্লেট আৰু বি-এড্ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল মেধাৱী ছাত্ৰীগৰাকী। এ পি এচত নিৰ্বাচিত হোৱাৰ পূৰ্বে জ্যোতিৰূপাই গুৱাহাটী আই আই টিৰ কেন্দ্ৰীয় বিদ্যালয়ত ঠিকাভিত্তিক পি জি টি শিক্ষকৰূপে কাম কৰি আছিল।
ইপিনে সফলতা লাভৰ পিছত জ্যোতিৰূপা নাথে কয় যে, নিজৰ ওপৰত বিশ্বাস ৰাখিলে ইস্পিত ফলাফল লাভ কৰিব পাৰি । কষ্ট কৰিলে সফলতা আহিবই বুলি মন্তব্য কৰি নিজে প্লেনিং কৰি আগবাঢ়িলে সফলতা কম সময়ৰ ভিতৰতে লাভ কৰিব পাৰি বুলি মন্তব্য কৰে।
লগতে কয়- 'পঢ়াৰ কোনো নিদিষ্ট সময়সীমা নাছিল যদিও যেতিয়াই সময় পাইছিলো পঢ়িছিলো আৰু প্ৰতিদিনে টাৰ্গেট নিৰ্ধাৰণ কৰি লৈছিলো ।' ২০১৮ চনৰ পৰাই এ পি এচ চিৰ বাবে পঢ়িছিল আৰু প্ৰথমবাৰ মৌখিকলৈকে গৈছিল যদিও নিৰ্বাচিত হোৱা নাছিল । দ্বিতীয়বাৰতহে তেওঁ সফলতা লাভ কৰে আৰু এই সফলতাৰ বাবে পিতৃ -মাতৃ , বন্ধু -বান্ধৱী,ঘৰ-পৰিয়ালৰ সকলো সদস্যৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে।
ইপিনে জ্যোতিৰূপা নাথৰ সাফল্যত নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ , অসম প্ৰাদেশিক নাথ যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথ,কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায়ে শুভেচ্ছা-সম্বৰ্ধনা জ্ঞাপন কৰিছে। অনাগত সময়চোৱাত নিষ্ঠা আৰু সততাৰে দেশৰ হকে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে।
Also Read: ঢকুৱাখনাত মন্ত্ৰী অতুল বৰাৰ খাদ্য সুৰক্ষা যোজনাৰ ৰেচন কাৰ্ড বিতৰণ