/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7b189471-0505-4f79-8b95-cdbcc75eec2e/5.jpg)
ডিজিটেল সংবাদ, চিৰাং: বুধবাৰে চিৰাঙৰ কাজলগাঁৱত অৰুণোদয় ২.০ৰ আচঁনিৰ অনুষ্ঠানত ভি আই পি অতিথিসকলৰ নিৰাপত্তাৰ অজুহাতত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই পৰিপ্ৰেক্ষিতত ক্ষুদ্ধ সাংবাদিক সকলে উক্ত অনুষ্ঠানৰ বাতৰি বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে, বুধবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাজলগাঁৱৰ জনসভাত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ অজুহাত দেখুৱাই সাংবাদিকৰ পৰিচয় পত্ৰ দেখুওৱাৰ পিছতো বৈদ্যুতিন মাধ্যমৰ জেষ্ঠ্য সাংবাদিক ধীৰাজ চক্ৰৱৰ্তীক মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাত বাধা প্ৰদান কৰি অভব্য আচৰণ আৰু হাৰাশাস্তি কৰা হৈছিল।
এই সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধীক্ষকক অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ধৰনৰ গুৰুত্ব প্ৰদান নকৰাৰ বাৱেই বৃহস্পতিবাৰে পুনৰ নিৰাপত্তাৰ নামত সাংবাদিকক হাৰাশাস্তি কৰা হৈছে বুলি চিৰাং জিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক জয়ন্ত দেৱনাথে অভিযোগ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে চিৰাং জিলা প্ৰেছ ক্লাৱে।
Also Read: প্ৰসংগ- বটদ্ৰৱা থানা কাণ্ড : লীনা দলেসহ ১৭ জনক তলব