/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f2ba71b1-cdd9-45a7-904b-7c58fe749db2/kkii.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী কৰুণা কান্ত নাথ (৫৫) জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। তাৰমাজতে মঙলবাৰে গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমত তেওঁৰ মৃত্যু হয় ।
অতি অমায়িক স্বভাৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী কৰুণা কান্ত নাথৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বালাজান তিনালী অঞ্চলত শোকৰ ছাঁ পৰে । মৃত্যুৰ সয়মত কৰুণা কান্ত নাথে পত্নী , এগৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তান ইহজগতত এৰি থৈ যায় ।
ইপিনে কৰুণা কান্ত নাথৰ মৃত্যুত বালাজান তিনালী ব্যৱসায়ী সন্থাৰ সভাপতি ধনঞ্জয় নাথ আৰু সম্পাদক দৰবিন্দ বসুমতাৰীয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তদুপৰি বালাজান তিনালী ব্যৱসায়ী সন্থাৰ উপদেষ্ঠা কৰুণা কান্ত নাথৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলি অৰ্থাৎ ৩০ আগষ্টৰ দিনাখন পুৱা পাঁচ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ বালাজান তিনালীৰ সকলো ব্যৱসায়ী অনুষ্ঠান-প্ৰতিষ্ঠান , দোকান -পোহাৰ , হাট- বজাৰ সৰ্বাত্মকভাৱে বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে বালাজান তিনালীৰ মাছ -মাংস বজাৰৰ কাষতে থকা কৰুণাকান্ত নাথৰ ঘৰৰ নিকটত ইয়াৰ পূৰ্বেও জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত কেবাগৰাকী লোক আক্ৰান্ত হৈছিল । স্থানীয় ৰাইজে বালাজান তিনালী অঞ্চলত নিয়মীয়া ফগিংৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগত দাবী জনোৱাৰ লগতে জাপানিজ এনকেফেলাইটিছৰ ভেকচিন দিবলৈ দাবী উত্থাপন কৰিছে ।
Also Read: আৰক্ষী বিষয়াৰ পৰা লুটিলে ৫০ লাখ! এতিয়া পলাতক টিভি ৰিয়েলিটি শ্ব'ৰ ষ্টাৰ