তামুলপুৰত আন্তঃৰাষ্ট্ৰীয় বন দিৱস পালন

তামুলপুৰত আন্তঃৰাষ্ট্ৰীয় বন দিৱস পালন

author-image
Asomiya Pratidin
New Update
তামুলপুৰত আন্তঃৰাষ্ট্ৰীয় বন দিৱস পালন

ডিজিটেল সংবাদ,তামুলপুৰ : আজি আন্তঃৰাষ্ট্ৰীয় বন দিৱস ৷ বন দিৱস উপলক্ষে বৃহস্পতিবাৰে বন আৰু উদ্ভাৱন বিষয়বস্তু হিচাপে লৈ বেচৰকাৰী সংস্থা দ্যা গ্ৰীণ গ্লোবেলৰ উদ্যোগত আৰু তামুলপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত বাঙালিপাৰা ভোলাঝাৰ হাইস্কুল প্ৰাংগণত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷

Advertisment

তামুলপুৰ বনাঞ্চলিক কাৰ্যলয়ৰ ৰেঞ্জ বিষয়া কামেশ্বৰ বড়োৰ সঞ্চালনাত আৰম্ভ হোৱা কৰ্মশালাত সমলব্যক্তি হিচাপে নলবাৰী কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক কুমুদ ৰাভাই বিষয়বস্তু সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। লগতে বন্য্যপ্ৰাণী, বাসস্থান, হাতী - মানুহৰ সংঘাত আৰু বন্যপ্ৰাণীৰ খাদ্য,বাসস্থানৰ অভাৱৰ জনসংখ্যা বৃদ্ধি হাতীৰ কৰিডৰ আদি বিষয়ত বিশদ আলোচনা কৰে ৷

অনুষ্ঠানত গয়বাৰী চাইপত্ৰী ফাউন্ডেচনৰ সভাপতি মাধৱ চেত্ৰী, দ্যা গ্ৰীণ গ্লোবেলৰ সম্পাদক পংকজলোচন ডেকা, সভাপতি ৰাজেশ দত্ত বৰুৱা উপস্থিত থাকে।

Also Read: শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক বদলি...

tamulpur International Day of Forests