দৰংগা ফিল্ড ফায়াৰিং ৰেঞ্জত বিস্ফোৰণঃ সেনা জোৱানৰ মৃত্যু...

দৰংগা ফিল্ড ফায়াৰিং ৰেঞ্জত বিস্ফোৰণঃ সেনা জোৱানৰ মৃত্যু...

ডিজিটেল ডেস্কঃ বি টি আৰৰ দৰংগা ফিল্ড ফায়াৰিং ৰেঞ্জত সংঘটিত হ'ল এক কৰুণ ঘটনা। কৰ্মৰত অৱস্থাতে প্ৰাণ হেৰুৱালে এজন শ্ৰমিকে।

জানিব পৰা মতে ৰেঞ্জত কৰ্মৰত অৱস্থাতে সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণত প্ৰথমে গুৰুতৰ ভাৱে আহত হয় সন্দীপ কুমাৰ নামৰ এজন জোৱান।

আহত সন্দীপক ততাতৈয়াকৈ ৰেঞ্জত থকা চিকিৎসা বিষয়াই চিকিৎ প্ৰদান কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। বিমানেৰে গুৱাহাটীৰ বেছ হাস্পতাললৈ অনা হয় যদিও তেওঁৰ মৃত্যু হয় ।

নিহত সন্দীপ কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ মণ্ডি জিলাত। জানিব পৰা মতে তেওঁৰ নিকটাত্মীয় হিচাপে আছে পত্নী আৰু এবছৰীয়া পুত্ৰ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

দৰংগা ফিল্ড ফায়াৰিং ৰেঞ্জত বিস্ফোৰণঃ সেনা জোৱানৰ মৃত্যু...
বিৰাটে পাহৰিলে নিজেই কোৱা কথা ! খেল পথাৰৰ মাজত হৈ পৰিল উদণ্ড...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in