/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07-31/spnlavk7/chirang 31.jpg)
খেতি পথাৰত হালবাই থকা কৃষকে পালে অবৈধ মাৰণাস্ত্ৰ...
ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা এলেকাত উদ্ধাৰ হৈছে অবৈধ মাৰণাস্ত্ৰ। প্ৰাপ্ত খবৰ অনুসৰি ৰুণীখাতা থানাৰ অন্তৰ্গত দুই নং শালবাৰী গাঁৱৰ খেতিয়কে পথাৰত হালবাই থকাৰ সময়ত মাটিৰ তলত প্লাষ্টিকেৰে মেৰিয়াই ৰখা এটা একে -৫৬ ৰাইফল আৰু তিনিটা মেগাজিন প্ৰত্যক্ষ কৰে ।
খেতি পথাৰত হালবাই থকা অবস্থাত মৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পিছত এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । স্থানীয় লোকে ৰুণীখাতা থানাৰ আৰক্ষীক খবৰ দিয়ে।
খবৰ লাভ কৰি আৰক্ষীৰ লোক শালবাৰী গাঁৱত উপস্থিত হৈ ইতিমধ্যেই মামৰে ধৰা অস্ত্ৰখিনি থানালৈ লৈ আহে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ হোৱা মৰণাস্ত্ৰখিনি পূৰ্বৰ কোনো বিদ্ৰোহী সংগঠনৰ হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
Also Read: উৰিয়ামঘাটৰ কৃত্ৰিম বান পৰিদৰ্শন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ বিধায়কৰ