তামুলপুৰত মানৱ সৰবৰাহকাৰী আটক...

তামুলপুৰত মানৱ সৰবৰাহকাৰী আটক...
তামুলপুৰত মানৱ সৰবৰাহকাৰী আটক...

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ আৰক্ষীৰ অভিযানত উৎখাট হৈছে বৃহৎ মানৱ সৰবৰহকাৰী চক্ৰ। অৰুণাচলৰ পাপুনপাৰে জিলাৰ পৰা উদ্ধাৰ কৰা হৈছে তামুলপুৰৰ দৰংগামেলাৰ পৰা তিনি বছৰ পূৰ্বে নিৰুদ্দিষ্ট এগৰাকী কিশোৰী।

আৰক্ষীয়ে আটক কৰিছে তিনি মানৱ সৰবৰাহকাৰী। আটকাধীন সৰবৰহকাৰী কেইজন ওদালগুৰি জিলাৰ নুনাইবাগানৰ ৰোমিও কন্দাপান (৩২), তামুলপুৰ জিলাৰ গোৰেশ্বৰ গাছবাৰীৰ জিতু শৰ্মা(৪৩) আৰু অৰুণাচলৰ জি ৰোডৰ পাই টায়েং (৪৫)।

উল্লেখ্য, তিনিবছৰ পূৰ্বে ৰোমিও কন্দাপানে দৰংগামেলাৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী নাবালিকাক বিভিন্ন প্ৰলোভন দি অৰুণাচলত বিক্ৰী কৰিছিল। তিনি মাহ পূৰ্বে আসাম চেন্টাৰ ফৰ ৰুৰেল ডেভেলপমেন্ট নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত পৰিয়ালৰ লোকেদৰংগামেলা আৰক্ষী চকীত দাখিল কৰিছিল‌ নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ ৷ ইয়াৰ পাছতে তামুলপুৰ আৰক্ষীয়ে ইটানগৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে কিশোৰী গৰাকীক ৷

তামুলপুৰত মানৱ সৰবৰাহকাৰী আটক...
লামডিঙত ৩ জুৱাৰী আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in