/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b5bf08f4-dcc9-4ff6-8af1-7e03dc426f98/309.jpg)
ডিজিটেল সংবাদ,ওৰাং : লেওৱাটানা, জাখামাৰা, আলিকাটা নৃত্যৰে মুখৰিত হৈ পৰিছে ওৰাঙৰ হাজং বস্তি হাইস্কুলৰ খেলপথাৰ। হাজং জনজাতিৰ কৃষ্টি-সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াসেৰে প্ৰতি বছৰে হাজং বস্তিৰ ৰাইজে উদযাপন কৰি আহিছে হাজং কৃষ্টি সমাৰোহ।
ব্যতিক্ৰম নহয় এই বেলিও। এইবেলি দুদিনীয়া বৰ্ণিল কাৰ্য্যক্ৰমণিকাৰে দৰং-ওদালগুৰি জিলাক সামৰি হাজং বস্তি হাইস্কুল খেলপথাৰত আয়োজিত হৈছে হাজং কৃষ্টি সমাৰোহ ৷ হাজং যুৱক-যুৱতীৰ দ্বাৰা পৰিবেশিত লেওৱাটানা, জাখামাৰা, আলিকাটা নৃত্যৰ নয়নাভিৰাম দৃশ্যত মন্ত্ৰমুগ্ধ সমাৰোহত উপস্থিত হেজাৰ জনতা।
সমাৰোহৰ লগত সংগতি ৰাখি আয়োজিত মুকলি সভাত উপস্থিত থাকে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। ইয়াৰোপৰি সভাত উপস্থিত থাকে মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ শৰ্মা। ড০ শৰ্মা হাজং জনজাতিৰ কৃষ্টি-সংস্কৃতি, ৰিতী-নিতীৰ ওপৰত এক মনোগ্ৰাহী মন্তব্য আগবঢ়ায় ৷
Also Read: আই পি এল-২৪ৰ খিতাপ দখলৰ যুঁজত দুই মহাশক্তিৰ মহাৰণ