নিশা অহা শিলা বৃষ্টিত স্বপ্ন ভংগ কৃষকৰঃ পথাৰতে সৰিল সোণগুটি...

নিশা অহা শিলা বৃষ্টিত স্বপ্ন ভংগ কৃষকৰঃ পথাৰতে সৰিল সোণগুটি...

author-image
Asomiya Pratidin
New Update
নিশা অহা শিলা বৃষ্টিত স্বপ্ন ভংগ কৃষকৰঃ পথাৰতে সৰিল সোণগুটি...

নিশা অহা শিলা বৃষ্টিত স্বপ্ন ভংগ কৃষকৰঃ পথাৰতে সৰিল সোণগুটি...

ডিজিটেল সংবাদ ওৰাংঃ নিশা অহা এজাক শিলাবৃষ্টিত মাজবাটৰ ৰৌতা গাঁৱত বিষ্টৰ ক্ষতি হ'ল প্ৰায় ২০০ বিঘাৰো অধিক কৃষি পথাৰ। মঙ্গলবাৰে নিশা অহা শিলা বৃষ্টিত ধাননি পথাৰৰ ধান নষ্ট হোৱাত এতিয়া মূৰে কপালে হাত দিছে খেতিয় ৰাইজে।

Advertisment

উল্লেখ্য যে, মাজবাট ৰাজহ চক্ৰ অঞ্চলৰ ৰৌতা গাঁৱত হোৱা এই শিলাবৃষ্টিত গাওঁখনৰ প্ৰায় ৭০ গৰাকী খেতিয়কৰ কৃষি পথাৰ ক্ষতিগ্ৰস্ত হৈছে। এই খেতিয়ক কেইজনৰ প্ৰায় ২০০ বিঘা মাটিৰ ধান শিলা বৃষ্টিৰ ফলত পথাৰতে সৰি পৰে।

আনহাতে এই শিলা বৃষ্টিত ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ছহিদ দয়াল দাস পানিকাৰ পৰিয়ালৰ বাসগৃহৰো যথেষ্ট ক্ষতি হয়। স্বাধীনতা সংগ্ৰামী তথা ছহিদ দয়াল দাস পানিকাৰ নাতিৰ ঘৰৰ টিন-পাত বতাহে উৰুৱাই নিয়াত বহু পৰিমাণে অনিষ্ট হয়।

প্ৰকৃতিৰ এই অত্যাচাৰ সহিব নোৱাৰা গাওঁবাসীয়ে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ দিলীপ শইকীয়া তথা মাজবাটৰ বিধায়ক, পাঁচনৈৰ পাৰিষদক সাহায্য প্ৰদান কৰি তেওঁলোকক এই ক্ষতিয়ে সৃষ্টি কৰা অসহনীয় পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ দাবী জনাইছে।

Also Read: আজি নিশাই উদ্ধাৰ হ'ব পাৰে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকঃ সুৰংগত প্ৰৱেশ কৰিছে NDRF ৰ দল...

মাজবাট