আজি নিশাই উদ্ধাৰ হ'ব পাৰে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকঃ সুৰংগত প্ৰৱেশ কৰিছে NDRF ৰ দল...

আজি নিশাই উদ্ধাৰ হ'ব পাৰে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকঃ সুৰংগত প্ৰৱেশ কৰিছে NDRF ৰ দল...
আজি নিশাই উদ্ধাৰ হ'ব পাৰে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকঃ সুৰংগত প্ৰৱেশ কৰিছে NDRF ৰ দল...

ডিজিটেল ডেস্কঃ বুধবাৰে নিশাই আহিব পাৰে ভাল খবৰ। উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা ৪১ জনকৈ শ্ৰমিকক উদ্ধাৰৰ বাবে সুৰংগৰ ভিতৰত প্ৰৱেশ কৰিছে ২১ জনকৈ উদ্ধাৰকাৰীয়ে।

সকলো ঠিকেই থাকিলে আজি নিশাই আৱদ্ধ হৈ থকা শ্ৰমিকসকলক এই উদ্ধাৰকাৰীসকলে বাহিৰলৈ উলিয়াই আনিব পাৰিব বুলি ধাৰণা কৰা হৈছে। সুৰংগৰ ভিতৰত প্ৰৱেশ কৰা এই উদ্ধাৰকাৰীসকল এন ডি আৰ এফৰ জোৱান।

এই ২১ জন উদ্ধাৰকাৰীয়ে অক্সিজেন মাক্স পৰিধান কৰাৰ লগতে সকলো সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰি সুৰংগৰ ভিতৰলৈ সোমাই গৈছে। সুৰংগৰ সন্মুখৰ পৰা প্ৰায় ৬০ মিটাৰ দূৰত্বত থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আৰু ১২ মিটাৰ খান্দিব লাগিব তেওঁলোকে।

সেয়ে সুৰংগৰ ভিতৰত তেওঁলোকে ১২ মিটাৰ পথ খান্দি মুকলি কৰিব আৰু শ্ৰমিকসকলক উদ্ধাৰৰ চেষ্টা চলাব। কোনো অসুবিধা নহ'লে নিশা ১২ বজাৰ ভিতৰতে শ্ৰমিকসকল ওলাই আহিব মুকলি আকাশৰ তললৈ।

ইফালে শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ পাছতে যাতে সকলো ধৰণৰ চিকিৎসা সাহায্য লাভ কৰে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। সুৰংগৰ বাহিৰত সাজু হৈ আছে চিকিৎসা কৰ্মীৰ সৈতে ৩০ খন এম্বুলেঞ্চ।

আজি নিশাই উদ্ধাৰ হ'ব পাৰে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকঃ সুৰংগত প্ৰৱেশ কৰিছে NDRF ৰ দল...
ক'ত আছে বিশেষ তদন্তকাৰী গোটে আটক কৰা ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in