
ডিজিটেল সংবাদ, তামুলপুৰঃ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ অৰ্থসাহায্যত অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগত সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই উদ্যান শস্যৰ জৰিয়তে ভাৰত ভূটান সীমান্তৰ কৃষক সকলৰ মাজত সম্ভৱনাৰ নতুন দুৱাৰ মুকলি কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে ৷ ভাৰত- ভূটান সীমান্তৰ বৃহত্তৰ অঞ্চলটোৰ খাটাৰবাৰী আৰু কালচেনী গাঁও দুখনৰ কৃষকসকলক উদ্যান শস্যৰ দ্বাৰা উপকৃত কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷
নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত খাটৰবাৰী আৰু কালচেনীৰ ১৫০০ জনসংখ্যাৰে পৰিবেষ্টিত গাঁৱ ২খনৰ মুঠ ১৮০ গৰাকী কৃষকৰ ১৪৪ একৰ ভূমিত উন্নত জাতৰ আম, মধুৰীআম আৰু নেমুটেঙা ৰোপন কৰি তেওঁলোকৰ জীৱন - জীৱিকাৰ সন্ধান দিবলৈ প্ৰয়াস কৰিছে ৷ সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পটোৰ জৰিয়তে গাঁও ২খনৰ প্ৰতিঘৰ পৰিয়ালৰ কৃষি অৰ্থনীতি টনকিয়াল কৰা আৰু কৃষিকাৰ্যত পৰম্পৰাগত পদ্ধতিৰ বিপৰীতে আধুনিক কৃষি প্ৰযুক্তি কৌশল অৱলম্বন কৰি কৃষকৰ আয় দুগুন কৰাৰ লক্ষ্যৰে কৃষক ৰাইজৰ মাজত গ্ৰাম্য বিকাশ মঞ্চই এক নতুন বাটৰ সন্ধান দিবলৈ সামাৰ্থ হৈছে৷
নাবাৰ্ডৰ অৰ্থ সাহায্যত গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগত খাটৰবাৰী আৰু কালচেনীৰ এই কৃষক সকলৰ কাৰনে আশাৰ বাট বান্ধি সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পৰ অধীনত ৰোপন কৰা উদ্যান শস্যৰ পথাৰত আজি নাবাৰ্ডৰ অসম ক্ষেত্ৰীয় কাৰ্যলয়ৰ, মূখ্য মহাপ্ৰৱন্ধক নবীন ধিংৰাই অসমৰ ১০খন জিলাৰ বিষয়া আৰু স্বেচ্ছাসেৱী অনুষ্ঠানৰ বিযয়াসকলৰ সৈতে আহি পৰিদৰ্শন কৰে আৰু বিষয়া গৰাকীয়ে উদ্যান শস্য পথাৰ দেখি অভিভূত হৈ পৰে ৷ ইয়াৰ পূৰ্বে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যলয়ত বিষয়াসকলৰ সৈতে অসমত প্ৰথমবাৰৰ বাবে প্ৰকল্প ৰূপায়িত কৰা ঠাইত এখন সভাত মিলিত হৈ নাবাৰ্ডৰ অৰ্থ সাহায্যৰে পৰিচালিত কাম ৰ খতিয়ান লয়।
উক্ত সভাত মূুখ্য মহাপ্ৰৱণ্ডক গৰাকীয়ে দৰং জিলাৰ জনজাতি উন্নয়ন প্ৰকল্পৰ পৰা উৎপাদিত আচাৰ, জেলী আৰু নাবাৰ্ডৰ কণীধান প্ৰকল্পৰ পৰা উৎপাদিত কণীধানৰ পৰা প্ৰস্তুত কৰা বিভিন্ন খোৱাবস্তু আৰু অন্যান্য উৎপাদিত সামগ্ৰী মুকলি কৰে৷ মুখ্য মহাপ্ৰবন্ধক ধিংৰাই কালচেনীৰ উদ্যান শস্যৰ বাগান পৰিদৰ্শন কৰাৰ লগতে ওৱাল্ড ৰিচোৰ্চেচ ইনষ্টিটিউটৰ সহযোগত নিৰ্মাণ কৰা সৌৰশক্তি চালিত জনসিঞ্চন আচনি এখন মুকলি কৰে। এই প্ৰকল্পৰ অধীনতে এটি সৌৰশক্তি চালিত ভ্ৰাম্যমাণ জলসিঞ্চন প্ৰকল্প এটিও উদ্বোধন কৰে৷
ইয়াৰ ওপৰি মহিলা গোটৰ দ্বাৰা পৰিচালিত আৰোনাই উইভিং গোটৰ হস্ততাঁত ভৱন মুকলি কৰে৷ বৃহস্পতিবাৰে মুখ্য প্ৰবন্ধক গৰাকীক সহযোগ কৰে নাবাৰ্ড ক্ষেত্ৰীয় কাৰ্যলয়ৰ বিষয়া শংকৰ দাস, অন্নপূৰ্ণা কেকাৰে, ঐশ্বৰ্য প্ৰিয়দৰ্শী, নলবাৰী বাকসা জিলাৰ জিলা উন্নয়ন বিষয়া উৎপল বেজবৰুৱা, গ্ৰাম্য বিকাশ মঞ্চৰ উপসভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তী সহ এটি দলে৷
উক্ত জনজাতি উন্নয়ন প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত ৭২ গৰাকী আৰু দ্বিতীয় পৰ্যায়ৰ ১০৮ গৰাকী কৃষকক সামৰি উদ্যান শস্যত আমৰ অম্ৰপালী উন্নত জাতৰ মুঠ প্ৰায় ১১০০০ জোপা, মধুৰীআমৰ এল -৪৯ জাতৰ ৭২০০ জোপা আৰু নেমুটেঙাৰ ৭২০০ জোপা সৰ্বমুঠ ২৫৪০০ জোপা গছপুলি ৰোপন কৰি প্ৰতিপালন কৰি আহিছে৷
আনহাতে জনজাতি সমন্বিত আচনিখনৰ জৰিয়তে আন ২০ পৰিয়ালৰ মাজত বিজ্ঞানসন্মত গাহৰি পালনৰো দিহা কৰি কৃষক সকলক আৰ্থিক ভাৱে সবলীকৰনৰ দিহা কৰে বেচৰকাৰী সংস্থা গ্ৰম্য বিকাশ মঞ্চই। উক্ত কাৰ্যসূচীৰ অন্তত গ্ৰাম্য বিকাশ মঞ্চৰ কৰ্যসূচীসমূহক সকলো বিষয়াই ভূয়সী প্ৰসংশা কৰি প্ৰকল্পৰ সফল ৰূপায়ণ কামনা কৰে৷