চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত চৰকাৰী শিক্ষকক নিলম্বন...

শিক্ষকগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছিল এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলোৱাৰ
চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত চৰকাৰী শিক্ষকক নিলম্বন...
চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত চৰকাৰী শিক্ষকক নিলম্বন...

ডিজিটেল সংবাদ চিৰাংঃ ৰাজ্যত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈ যোৱাৰ পিছতো চিৰাঙৰ কাজলগাঁৱত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ অভিযোগত পুনৰ এজন চৰকাৰী শিক্ষকক নিলম্বন । নিলম্বিত শিক্ষকগৰাকী হৈছে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাৰ ভূৰপাৰ বালাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অশোক কুমাৰ ব্ৰহ্ম।

নিলম্বিত শিক্ষক অশোক কুমাৰ ব্ৰহ্মৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘন কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এ তথা ইউ পি পি এল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা বুলি যোৱা ৬ মে' তাৰিখে বি পি এফ দলৰ পৰা ফটো প্ৰমাণসহ চিৰাং জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল।

উক্ত অভিযোগৰ ভিত্তিত চিৰাঙৰ জিলা নিৰ্বাচনী বিষয়াই দুজনীয়া তদন্ত সমিতি গঠন কৰি তদন্তৰ ঘোষণা কৰে। চিদলী ৰাজহচক্ৰ বিষয়া আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ যুটীয়া তদন্ত আৰু প্ৰতিবেদন ওপৰত ভিত্তি কৰি ১৫ মে' তাৰিখে জিলা নিৰ্বাচনী বিষয়া পি. বিজয় ভাস্কৰ ৰেড্ডীয়ে শিক্ষক অশোক কুমাৰ ব্ৰহ্মক চাকৰিৰ পৰা নিলম্বন কৰে।

উল্লেখ্য যে, চলিত মাহতে চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত এজন কৃষি বিভাগৰ গ্ৰামসেৱক তথা ইউ পি পি এল দলৰ নেতা বীৰ ভাস্কৰ মুছাহাৰী আৰু ইউ পি পি এল দলৰ সমৰ্থক তথা শিক্ষক টেবাশ্রৌন ব্ৰহ্ম আৰু বি পি এফ দলৰ সমৰ্থক তথা চৰকাৰী শিক্ষক প্ৰভাত চন্দ্ৰ ৰাভাক চাকৰিৰ পৰা নিলম্বিত কৰিছে ।

চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত চৰকাৰী শিক্ষকক নিলম্বন...
প্ৰচণ্ড গৰমৰ মাজতে আহিল ব্ৰজপাতৰ সৈতে ধুমুহা বৰষুণঃ এই পৰ্যন্ত ১১ জনৰ মৃত্যুৰ খবৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in