প্ৰচণ্ড গৰমৰ মাজতে আহিল ব্ৰজপাতৰ সৈতে ধুমুহা বৰষুণঃ এই পৰ্যন্ত ১১ জনৰ মৃত্যুৰ খবৰ

মালদাত হঠাৎ বতৰৰ পৰিবৰ্তনে মাতি আনিছে দুৰ্যোগ
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্কঃ ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যৰ সন্মুখীন হৈছে চুবুৰীয় পশ্চিমবংগৰ মালদা। অঞ্চলটোত বৃহস্পতিবাৰে ব্ৰজপাতৰ ফলত অন্তত ১১ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। আশংকা কৰা হৈছে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হ’ব পাৰে।

উল্লেখ্য যে, বৃহস্পতিবাৰে দুপৰীয়া ভাগত হঠাৎ বতৰৰ পৰিবৰ্তন হয় আৰু ধুমুহাৰ সৈতে ধাৰাসাৰ বৰষুণ আহে আৰু ব্ৰজপাত হয়। এই ব্ৰজপাতৰ ফলতেই সংঘটিত হৈছে ১১ জনকৈ লোকৰ প্ৰাণ নাশৰ কৰুণ ঘটনা।

ইতিমধ্যে স্থানীয় প্ৰশাসনে মৃতকৰ পৰিয়াললৈ ২ লাখকৈ টকাৰ আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে। মন কৰিবলগীয়া যে বৃহস্পতিবাৰে পুৱাৰে পৰা মালদাত প্ৰচণ্ড গৰম পৰিছিল। কিন্তু তাৰ মাজতে হঠাৎ দুপৰীয়া আকাশ ক’লা হৈ পৰে আৰু ধুমুহাৰ লগত প্ৰচণ্ড বৰষুণৰ সৈতে ব্ৰজপাত হয়।

বতৰৰ এনে পৰিবৰ্তনৰ মাজতে মালদাৰ ছাহাপুৰত ব্ৰজপাতৰ ফলত একেলগে ৩ জনকৈ লোকৰ মৃত্যু হয়। এই তিনিওজনক চন্দন চাহানি (৪০), ৰাজ মৃধা (১৬) আৰু মনোজিত মণ্ডল (২১) বুলি চিনাক্ত কৰা হৈছে।

সেইদৰে গাজোলৰ আদিনা অঞ্চলৰ এখন আমবাগানত একাদশ শ্ৰেণীৰ ছাত্ৰ অসিত ছাহা নামৰ ১৯ বছৰীয়া ছাত্ৰজনৰ মৃত্যু হৈছে। বৰষুণৰ সৈতে অহা ধুমুহাৰ সময়ত বাগিচাখনত আম বুটলিবলৈ যোৱাৰ সময়তে তেওঁৰ এইদৰে কৰুণ মৃত্যু হয়।

ইয়াৰ উপৰিও মানিকচৰৰ মহম্মদটোলাত ৰাণা শ্বেখ নামৰ এটি ৮ বছৰীয়া শিশুৰো মৃত্যু হৈছে। হৰিশচন্দ্ৰপুৰৰ কুণ্ডাৰিয়া গাঁৱত এহাল দম্পতীও ব্ৰজপাতৰ ফলতে মৃত্যু হয়। তেওঁলোকক নয়ন ৰয় (২৩) আৰু তেওঁৰ পত্নী প্ৰিয়ংকা সিং (২০) বুলি চিনাক্ত কৰা হৈছে।

সেইদৰেই আন এখন আম বাগানৰ পৰিচালনাৰ দায়িত্বত থকা অতুল মণ্ডল (৬৫)ৰ উপৰিও শ্বেখ চাব্ৰুল (১১) নামৰ শিশু এটিৰো মৃত্যু হৈছে। একেদৰে পথাৰত ধান কাটিবলৈ যোৱা ৪৫ বছৰীয়া সুমিত্ৰা মণ্ডল নামৰ এগৰাকী মহিলা আৰু পংকজ মণ্ডল নামৰ এজন যুৱকো ব্ৰজাপাততে নিহত হৈছে।

এইদৰে মুঠ ১১ জনৰ এই পৰ্যন্ত মৃত্যু হোৱাৰ খবৰ আহিছে। ইফালে আহত অৱস্থাত আন কেইবাজনো লোক মালদাৰ হাস্পতালত ভৰ্তি হৈছে। গতিকে তেওঁলোকৰ আঘাতৰ গুৰুতলৈ লক্ষ্য কৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা কৰিছে স্থানীয় প্ৰশাসনে।

প্ৰতিনিধিত্বমূলক ফটো
পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in