বড়ো সাংস্কৃতিক জগত জীপাল কৰা গোপাল স্বৰ্গীয়াৰী আৰু নাই...

বড়ো সাংস্কৃতিক জগত জীপাল কৰা গোপাল স্বৰ্গীয়াৰী আৰু নাই...

author-image
Asomiya Pratidin
New Update
বড়ো সাংস্কৃতিক জগত জীপাল কৰা গোপাল স্বৰ্গীয়াৰী আৰু নাই...

বড়ো সাংস্কৃতিক জগত জীপাল কৰা গোপাল স্বৰ্গীয়াৰী আৰু নাই...

ডিজিটেল সংবাদ ওৰাংঃ বড়ো সাংস্কৃতিক জগত জীপাল কৰা গোপাল স্বৰ্গীয়াৰী আৰু নাই। বড়ো লোক সংস্কৃতিৰ জগত উকা কৰি কাহানিও উভতি নহা বাটেৰে গল গৈ গোপাল স্বৰ্গীয়াৰী। বড়ো জনগোষ্ঠীৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনত যথেষ্ট অবদান আগবঢ়াই নিজস্ব প্ৰতিভাৰে জনপ্ৰিয়তা লাভ কৰিছিল গোপাল স্বৰ্গীয়াৰীয়ে।

Advertisment

প্ৰতিভাবান গোপাল স্বৰ্গীয়াৰীৰ মৃত্যুত শোকাস্তদ্ধ ৰৌতা। অজস্ৰ শুভাকাংক্ষী গুণমুগ্ধই শেষ শ্ৰদ্ধা জনাই বিদাই দিলে গোপাল স্বৰ্গীয়াৰীক। বড়ো লোক সংস্কৃতিৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়াই মাত্ৰ ৩৭ বছৰ বয়সত গুৱাহাটীস্থিত এপলো হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে গোপাল স্বৰ্গীয়াৰীয়ে।

মঙ্গলবাৰে এক শোকাকুল পৰিবেশৰ মাজত ৰৌতা চাৰিআলিৰ পৰা বাইক সমদল কৰি নিয়া হয় গোপাল স্বৰ্গীয়াৰীৰ নশ্বৰদেহ। পৰিয়াল, আত্মীয় স্বজনৰ লগতে দল সংগঠনৰ প্ৰতিনিধিয়ে শেষ শ্ৰদ্ধা জনাই গোপাল স্বৰ্গীয়াৰীৰ নশ্বৰ দেহত।

শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো আৰু বি টি আৰৰ কাৰ্য্যবাহী সদস্য ড৹ নিলুট স্বৰ্গীয়াৰী। উল্লেখ্য যে, বিভিন্ন প্ৰতিমূৰ্তি নিৰ্মাণৰ কৰাৰ লগতে বড়ো জনগোষ্ঠীৰ লোক বাদ্যৰ আধুনিক মাত্ৰা প্ৰদান কৰিছিল গোপাল স্বৰ্গীয়াৰী।

ইয়াৰ উপৰিও বড়ো ছবি নিৰ্মাণ আৰু অভিনয়ৰ লগত জড়িত আছিল গোপাল স্বৰ্গীয়াৰী। বড়ো লোককৃষ্টিৰ মহান শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

Also Read: দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া বিতৰ্কিত বিষয়া আখতাৰ হুছেইনৰ আন এক কু-অভিসন্ধি ফাদিল...

ওৰাং